অসম

নলবাৰীৰ বালিকুছিত ভয়ংকৰ পথ দূৰ্ঘটনা:বিজেপি নেতাসহ ছয়জনৰ মৃত্যু

প্ৰথম খবৰ,নলবাৰী:নলবাৰীৰ বালিকুছিত কালি নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনাত একেটা পৰিয়ালৰ ছয় জনকৈ লোকে অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাই জিলাখনত শোকৰ ছাঁ পেলাইছে। জানিবপৰা মতে নলবাৰীৰ সোণকাণি গাওঁ নিবাসী বিজেপি নেতা সণোৰাম তালুকদাৰে পৰিয়াল সহ ওলাই গৈছিল। উভতি আহোতে নলবাৰীৰে বালিকুছিত ঘন কুঁৱলিৰ বাবে এল্টো গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দলং এখনত খুন্দা মাৰি দাতিৰে দ খাৱৈত পৰি যোৱাৰ ফলত পথ দুৰ্ঘটনাটো সংঘটিতত হয়। উক্ত পথ দুৰ্ঘটনাটোত বিজেপি নেতা সণোৰাম তালুকদাৰ,তেওঁৰ পত্নী বৰদা তালুকদাৰ, কন্যা ৰুমী তালুকদাৰ,প্ৰগতি তালুকদাৰ,পম্পী তালুকদাৰ আৰু ৰুমী তালুকদাৰ শিশু কণমানি সন্তানটোও নিহত হয়।

উল্লেখ্য যে প্ৰয়াত সণোৰাম তালুকদাৰ বৃহত্তৰ বৰভাগ অঞ্চলটোৰ এগৰাকী বিজেপিৰ নিষ্ঠাবান নেতা তথা সমাজকৰ্মী আছিল। সণোৰাম তালুকদাৰ সহ পৰিয়ালটোৰ ছয় গৰাকী সদস্যই একেলগে অকালতে মৃত্যু হোৱা খবৰে এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে। আটাইকেইজনৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকা,নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা,নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,উপ সভাপতি অপূৰ্ব শৰ্মা,সাধাৰণ সম্পাদক নিতুল ডেকা সহ বিভিন্ন দল-সংগঠন, অনুষ্ঠানে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close