অসম

নলবাৰীৰ বিশিষ্ট সাহিত্যিক, চিন্তাবিদ শশী শৰ্মা অসুস্থ

প্ৰথম খবৰ, নলবাৰী: প্ৰসিদ্ধ সাহিত্যিক-চিন্তাবিদ, নলবাৰী উন্নয়নৰ খনিকৰ, শশী শৰ্মা আজি নলবাৰীৰ জাপাৰকুছিৰ গৃহত হঠাৎ অসুস্থ হৈ পৰে। ৮৭ বছৰীয়া সাহিত্যিক গৰাকীৰ তাৎক্ষণিকভাৱে ভৰ্ত্তি কৰোৱা হয় নলবাৰীৰ অসামৰিক চিকিৎসালয়ত। ডাঃ সন্দিপন শৰ্মা আৰু ডাঃ দিপ্তী চৌধুৰীৰ নেতৃত্বত এটা চিকিৎসক আৰু নাৰ্ছৰ দলে তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়াই।

মগজুৰ ৰক্তক্ষৰণত ভোগাৰ কথা সদৰি কৰিছে চিকিৎসকে। পিছত তেখেতক উত্তৰ গুৱাহাটী জি এন আৰ চি ত ভৰ্ত্তি কৰোৱা হৈছে। নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত আশু আৰোগ্য কামনা কৰি নাম – প্ৰসঙ্গ, সৰ্ব ধৰ্ম প্ৰাৰ্থনা কৰাৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিজেপি জিলা সমিতি, অগপৰ জিলা সমিতি, কংগ্ৰেছৰ জিলা সমিতি, চি পি আই (এম) জিলা সমিতি আদিকে ধৰি বিভিন্ন দল সংগঠন, ব্যক্তিয়ে আশু আৰোগ্য কামনা কৰিছে, এন ই লাইভৰ পৰিয়ালৰ পৰাও সাহিত্যিক গৰাকীৰ সু স্বাস্থ্য কামনা কৰাৰ লগতে শীঘ্ৰে আৰোগ্য লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close