শেহতীয়া
Home / অসম / নলবাৰীৰ ৰামপুৰত অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

নলবাৰীৰ ৰামপুৰত অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

প্ৰথম খবৰ , নলবাৰী : দহ ডিচেম্বৰৰ দিনটো অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধা নিবেদন কৰি অহা হৈছে। এইবেলি অসম গণ পৰিষদে নলবাৰীৰ বামুণবড়িৰ ৰামপুৰত নলবাৰী জিলা অগপৰ উদ্যোগত আৰু বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সহযোগত কেন্দ্ৰীয় ভাবে শ্বহীদ দিৱস উদযাপন কৰাৰ বিশাল প্ৰস্তুতি চলিছে। কাৰ্যসূচী অনুসৰি দহ ডিচেম্বৰৰ পূৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, মাল্যাৰৰ্পন অনুষ্ঠান ,শ্বহীদ পৰিয়ালক সম্বৰ্ধনা, সৰ্বধৰ্ম প্ৰাৰ্থনা, পূৱা এঘাৰ বজাত শ্বহীদ স্মৰণ তথা মুকলি সভা অনুষ্ঠিত হ’ব। সভাত সভাপতিত্ব কৰিব অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। সভাত অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামী আৰু দলটোৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব। আবেলি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰিব । অনুষ্ঠানত সৰ্বস্তৰৰ আঞ্চলিকতাবাদী ৰাইজৰ উপস্থিতি নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, সম্পাদক কেশৱ ডেকা, অগপ নেতা দীলিপ কুমাৰ দাস, বৰক্ষেত্ৰী সমষ্টিৰ অগপ সমিতিৰ সভাপতি মুকুল শৰ্মা সহ নেতৃত্বই শ্ৰদ্ধাৰে কামনা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*