শেহতীয়া
Home / অসম / নলবাৰী পশুপালনত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পেন্সনৰ কামত হাৰাশাস্তি

নলবাৰী পশুপালনত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পেন্সনৰ কামত হাৰাশাস্তি

প্ৰথম খবৰ , নলবাৰী: পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে দূৰ্নীতি -অনিয়মক আপোচ নকৰাৰ কথা কোৱাৰ সময়তে নলবাৰী পশুপালন আৰু পশু চিকিৎসা বিষয়া কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত  ক্ষেত্ৰ সহায়ক বিনোদ চন্দ্ৰ শৰ্মাক একালৰ সতীৰ্থই বিভাগীয় কামত হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। শৰ্মাই যোৱা বৰ্ষৰ মাৰ্চত অৱসৰ লয় যদিও কৰ্মচাৰী জনে আজিলৈ পেঞ্চন আৰু ছেভিংফাণ্ডৰ ধন খিনি নাপালে । দীৰ্ঘদিনে নলবাৰী পশুপালন জিলা বিষয়া কাৰ্যালয়ত আহি আছে । জানিব পৰা মতে বিভাগৰ সঞ্চালকে যোৱা বিশ মাৰ্চতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জনৰ লিভ চেলাৰী ৩, ৬৬, ০৮০টকা আৰু ছেভিংফাণ্ডৰ ৪৭  ,৭৭৯  টকাৰ অনুমোদন কৰি নিৰ্দেশ দিয়ে ।নিৰ্দেশৰ প্ৰতিলিপি নলবাৰী জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াক দি অৱসৰপ্ৰাপ্ত  ক্ষেত্ৰ সহায়ক জনৰ ধনৰাশি মুকলি কৰি দিব কোৱা হৈছে । কিন্তু আচৰিত কথা সঞ্চালকৰ পৰা অহা সেই নিৰ্দেশৰ এটা কপি বিগত আঠমাহ পিচত যোৱা তেৰ নৱেম্বৰত অৱসৰী কৰ্মচাৰী উচ্চবৰ্গ সহায়ক শ্যামন্ত তালুকদাৰে দেখুৱাই । অভিযোগ অনুসৰি শ্যামন্ত তালুকদাৰ নামৰ কৰ্মচাৰী জনে কিন্তু অৱসৰপ্ৰাপ্ত  কৰ্মচাৰী জনক এতিয়াও নিৰ্দেশৰ প্ৰতিলিপি দিয়া নাই । কি কাৰণত তেওঁ এনেদৰে অৱসৰপ্ৰাপ্ত  কৰ্মচাৰী জনক হাৰাশাস্তি কৰিছে সেয়া জানিব পৰা হোৱা নাই। ইতিমধ্যে অৱসৰপ্ৰাপ্ত  কৰ্মচাৰী জনৰ হৈ নলবাৰী জিলা ক্ষেত্ৰ সহায়ক সন্থাই জিলা ভাৰপ্ৰাপ্ত পশুপালন বিষয়া আৰু জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে । স্মাৰক পত্ৰত অভিযোগ কৰা মতে অৱসৰপ্ৰাপ্ত  বিনোদ চন্দ্ৰ শৰ্মাক ঘৰলৈ গৈ পেন্সনৰ কাম কৰি দিয়াৰ বাবদ উচ্চবৰ্গ সহায়ক তালুকদাৰে ধন দাবী কৰিছে ।তদুপৰি ভুক্তভোগী কৰ্মচাৰী জনে এই ক্ষেত্ৰত জিলা পশুপালন বিষয়া সুৰেণ শৰ্মাই ও কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰে । শীঘ্ৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জনৰ ধন মুকলি কৰি দিবলৈ ক্ষেত্ৰ সহায়ক সন্থা আৰু কৰ্মচাৰী জনে বিভাগক দাবী জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*