অসম

নাজিৰাত জ্বলিল দেৱতনুৰ প্ৰতিকৃতি

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ:কাছাৰৰ এখন সভাত মুছলমানৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ প্ৰৰোচণামূলক ভাষণ দিয়া হিন্দু সংহতি সভাৰ সভাপতি দেৱতনু ভট্টাচাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নাজিৰা আঞ্চলিকেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নাজিৰা নগৰৰ মাজমজিয়াত আমছুৰ শতাধিক কৰ্মীয়ে দেৱতনুক এন এছ এত গ্ৰেপ্তাৰ কৰক, দেৱতনু মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে দেৱতনুৰ প্ৰতিকৃতি দাহ কৰে। প্ৰতিবাদ স্থলীৰ পৰাই সভাপতি ফাৰুক আহমেদে অসমৰ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰতি বিনষ্ট নকৰিবলৈ দুষ্ট চক্ৰ সমূহক সকীয়াই দিয়াৰ লগতে সম্প্ৰতি বিনাশৰ অপচেষ্টা চলোৱা দেৱতনু ভট্টাচাৰ্যক অতিশ্ৰীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে চৰকাৰক দাবী জনায়।

Related Articles

Leave a Reply

Close