অসম

নাজিৰাত ভাৰতীয় নিৰ্বাচন আয়োগৰ অধীনত ৰাষ্ট্ৰীয় কুইজ প্ৰতিযোগিতা সম্পন্ন

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ: ভাৰতীয় নিৰ্বাচন আয়োগৰ অধীনত নাজিৰা জিলা নিৰ্বাচনী কাৰ্য্যালয়ৰ দ্বাৰা জিলা পৰ্যায়ত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় কুইজ প্ৰতিযোগিতা আজি সফল সামৰণি ঘটে। এই উপলক্ষে আজি নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত চূড়ান্ত প্ৰতিযোগিতাৰ বাবে ইতিপূৰ্বে নিৰ্বাচিত হৈ থকা মুঠ চাৰিটা দলৰ মাজত প্ৰতিদ্বন্দিতা হয়। মূলত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত নিৰ্বাচনী সাক্ষৰতা আৰু সচেতনতা সৃষ্টি কৰিবৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ অধীনত এই ৰাষ্ট্ৰীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। মহকুমাধিপতি ডাঃ সদনেক সিংৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাখনত নাজিৰা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়,লিগিৰীপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়,নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কুইজ দলে লিখিত কুইজ প্ৰতিযোগিতাত ভাগ লয়। প্ৰতিযোগিতাৰ অন্তত নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কুইজ দলে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে মেজেঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কুইজ দলে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰথম স্থান দখল কৰা দলটিয়ে নাজিৰা নিৰ্বাচন জিলাক প্ৰতিনিধিত্ব কৰি গুৱাহাটীত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰোপৰি প্ৰথম স্থান দখল কৰা বিজয়ী দলটোক আগন্তুক গণৰাজ্য দিৱসৰ দিনা পুৰস্কিত তথা সম্বর্ধনা জ্ঞাপন কৰা হ’ব। মহকুমাধিপতিৰ উপৰিও সহকাৰী আয়ুক্ত অদিতি বৰ্মণ,জনসংযোগ বিষয়া জয়ন্ত মাউত, নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাজু ফুকন, স্বৰাজ একাডেমীৰ অধ্যক্ষা অসমী গগৈ আৰু নাজিৰা জিলা নিৰ্বাচনী কাৰ্য্যালয়ৰ সমূহ কৰ্মচাৰীয়ে আজিৰ কুইজ প্ৰতিযোগিতাখনিত উপস্থিত থাকি বিভিন্ন দিশত সহায় আগবঢ়ায়।

Related Articles

Leave a Reply

Close