অসমশীৰ্ষসাহিত্য

‘নামফলকত অসমীয়া ভাষা বাধ্যতামূলক কৰক’

বৰহোলাত যোৰহাট জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ দাবী

বৰহোলাৰপৰা অজয় শইকীয়া, প্ৰথম খবৰ: বৰহোলাৰ সেউজী কানন শাখা সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে আৰু বৰহোলা মহাবিদ্যালয়ৰ, ৰাইডাংজুৰি, ইকৰাণি, ৰূপকোঁৱৰ শাখা সাহিত্য সভাৰ সহযোগত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে যোৰহাট জিলা সাহিত্য সভাৰ সপ্তদশ দ্বি -বাৰ্ষিক বৰহোলা অধিবেশন। বৰহোলাস্থিত কলাকুঞ্জ ভৱনত অনুষ্ঠিত হোৱা অধিবেশনখনৰ আজি প্ৰথম দিনা পুৱা যোৰহাট জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি চন্দ্ৰ বৰুৱাৰ পতাকা উত্তোলন আৰু উপ-সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতি তৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ হয়।

ইয়াৰ পিছতে অনুষ্ঠিত হয় গছ পুলি ৰোপণ, জিলাৰ অন্তিম কাৰ্যনিৰ্বাহক আৰু এখন প্ৰতিনিধি সভা। আদৰণি সমিতিৰ সভাপতি হীৰেন হাজৰিকাৰ সভাপতিত্বত আৰু সম্পাদক দিপাংক বৰাই আঁত ধৰা প্ৰতিনিধি সভাখনত নামফলকত অসমীয়া ভাষা লিখাটো বাধ্যতামূলক কৰিবলৈ দাবী জনোৱাৰ লগতে ৰাজ্যভাষা আইন প্ৰয়োগ আৰু নিমাতীৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰা আদি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

আনহাতে আবেলি যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি দেৱেন তাছাৰ সঞ্চালনাত অনুষ্ঠিত এখন কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা। যোৰহাট জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মাধৱ মহন্তই আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ জ্যোতিৰেখা হাজৰিকাই। সভাতে প্ৰায় ৪৬গৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰাৰ লগতে মৃণালিনী গোস্বামীৰ ‘হৃদয়ৰ অনুভূতি’, হেমচন্দ্ৰ হাজৰিকাৰ ‘নীলা পাহাৰৰ ৰঙা ফুল’ আৰু বেবী চুতীয়াৰ ‘অনুভৱৰ অমৃতময় অনুৰণন’ নামেৰে তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়।

উল্লেখযোগ্য যে, কাইলৈ অৰ্থাৎ ২৪ ডিচেম্বৰৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী শুভাৰম্ভ হ’ব। দুপৰীয়া চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হব মুকলি অধিবেশন। শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ডঃ প্ৰমোদ তামুলী (শান্তনু তামুলী) মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লগা সভাত যোৰহাট জিলা সাহিত্য সভাৰ বাৰ্ষিক মুখপত্ৰ ‘সাহিত্য চিন্তা’ উন্মোচন কৰিব। সভাতে গংগাধৰ বৰা সোঁৱৰণী ন্যাস বঁটা প্ৰদান কৰাৰ উপৰি স্থানীয় কেইবাগৰাকী ব্যক্তিক সম্বর্ধনা জনোৱা হব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close