অসম

নামৰূপত বাঘ মানুহৰ সংঘাত:বাঘৰ আক্ৰমণত মহিলা নিহত এজন গুৰুতৰভাৱে আহত

নামৰূপৰপৰা স্মৃতি ৰেখা কলিতা,প্ৰথম খবৰ:জয়পুৰ থানাৰ অন্তৰ্গত নামৰূপৰ সমীপস্থ কঁপহুৱা বৰগাওঁ অঞ্চলত শুক্ৰবাৰে বাঘৰ আক্ৰমণত ষাঠি ঊৰ্ধৰ মহিলা মাইকণ গগৈ নিহত হয়। নিহত মহিলা গৰাকীৰ পুত্র হেমন্ত গগৈৰ ভাষ্য মতে পুৱাৰ জলপান খাই মাতৃ মাইকণ গগৈ পদূলি মুৰত ৰ’দ পুৱাই আছিল। ইফালে পুৱাই কেন্দুগুৰি পথাৰত ওলোৱা বাঘটো বন বিভাগ আৰু স্থানীয় ৰাইজৰ খেদাত গাঁৱৰ মাজত সোমাই পদূলিতে বহি থকা মাইকণ গগৈক ডিঙিত কামুৰি পেলাই থৈ যায়।

বন বিভাগৰ সহযোগত ততাতৈয়াকৈ নাহৰকটীয়া  দীঘলাপথাৰত থকা চৰকাৰী চিকিৎসালয়লৈ আনিছিল যদিও মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ইফালে জিঘাংষ হৈ পৰা বাঘটোৱে সমীপস্থ অসমীয়া গাঁৱত প্ৰৱেশ কৰি গাঁৱৰে উধান গগৈ নামৰ এজন ডেকাক পিঠিত আঁচোৰ মাৰি গুৰুতৰভাৱে আহত কৰে। সম্প্ৰতি সমগ্ৰ অঞ্চলটোত বাঘৰ আতংকত ৰাইজ ত্ৰাশিত হৈ পৰিছে।

Related Articles

Leave a Reply

Close