অসম

নামৰূপ থাৰমেলৰ আবাসীক এলেকাত অগ্নিকাণ্ড 

প্ৰথম খবৰ,নামৰূপ:নামৰূপ থানৰ অন্তৰ্গত তাপবিদ্যুত কেন্দ্ৰৰ আবাসীক এলেকাৰ চাউথ কলনী ত আজি দিনৰ প্রায় ১.৪৫ বজাত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। নামৰূপ তাপ বিদ্যুত কেন্দ্ৰৰ চাউথ কলনীৰ E27 D নং আবাস গৃহত বাস কৰা কৃষ্ণ বৰপাত্ৰ গোহাঁইৰ আবাস গৃহটো দুপৰীয়া দাও দাও কৈ জ্বলি উঠাত চুবুৰীয়া ই প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে।

অগ্নিকাণ্ড সংঘটিত হোৱা সময়ত কেবুল কানেকচনত কাম কৰা কৃষ্ণ বৰপাত্ৰ গোহাঁই ঘৰতে আছিল যদিও তেওঁ দুই সন্তান আৰু পত্নী মোমায়েকৰ ঘৰলৈ গৈছিল জুইৰ লেলিহান শিখাই  ঘৰৰ ভিতৰৰ আচবাব আৰু ঘৰৰ একাংশ পুৰি চাৰখাৰ কৰে। অৱশশেষত বি.ভি.এফ.চি.এল অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডটেত লক্ষধিক মূল্যৰ সম্পত্তি ধ্বংস হৈছে বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ।

Related Articles

Leave a Reply

Close