উত্তৰ পূবৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নাৰীৰ অপৰাধৰ ক্ষেত্ৰত ত্ৰিপুৰা শীৰ্ষত, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰীৰ বিস্ফোৰক মন্তব্য

নিউজ ডেস্ক,প্ৰথম খবৰ :
নাৰীৰ অপৰাধৰ ক্ষেত্ৰত শেহতীয়াকৈ ত্ৰিপুৰাৰ নাম চৰ্চালৈ আহিছে। “ত্ৰিপুৰা হৈছে দেশৰ ভিতৰত সকলোতকৈ নাৰী অপৰাধ সংঘটিত হোৱা ৰাজ্য” এই বিস্ফোৰক মন্তব্য বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী বিজয়া ৰাহাতকাৰৰ। ৰাষ্ট্ৰীয় অপৰাধ তথ্য সংগ্ৰাহক সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত এই মন্তব্য সভানেত্ৰীগৰাকীৰ। তেওঁ লগতে কয়, ‘ত্ৰিপুৰাত যদিও অন্যান্য ৰাজ্যৰ তুলনাত জনসংখ্যা কম তথাপিও মহিলা অপৰাধৰ সংখ্যা এই ৰাজ্যতেই অধিক’। ২০১৬ চনৰ অপৰাধ তথ্য সংগ্ৰাহক সংস্থাৰ প্ৰতিবেদন অনুসৰি তেওঁ লগতে উল্লেখ কৰে, “২০১৬ চনৰ প্ৰতিবেদনত নাৰী অপৰাধৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ স্থান আছিল ১৪ তম্ কিন্তু লক্ষণীয় বিষয় এয়াই যে ৰাজ্যখনত জনসংখ্যা কম সত্ত্বেও অন্য ৰাজ্যৰ তুলনাত ইয়াত নাৰী অপৰাধৰ সংখ্যা অধিক”। তেওঁ এইক্ষেত্ৰত শাসনত থকা বাওপন্থী চৰকাৰখনক দোষাৰোপ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close