অসম

নাৰী সৱলীকৰণৰ ক্ষেত্ৰত সজাগতামূলক বাটৰ নাট পৰিবেশন

প্ৰথম খবৰ,গুৱাহাটী:নাৰী সৱলীকৰণৰ বাবে আৰু ঘৰুৱা হিংসা তথা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সমাজ সচেতনতামূলক এক বাটৰ নাট আজি গুৱাহাটীৰ বিভিন্ন স্থানত পৰিবেশন কৰা হয়। অসম মহিলা আয়োগৰ সৌজন্যত আৰু বেচৰকাৰী সমাজসেৱী অনুষ্ঠান “গছ”ৰ উদ্যোগত “আৰোহণ থিয়েটাৰ”ৰ কলা-কুশলীসকলে পৰিবেশন কৰা এই বাটৰ নাটকৰ অনুষ্ঠানত উপস্থিত থাকে অসম মহিলা আয়োগৰ অধ্যক্ষা চিকিমিকি তালুকদাৰ। আৰোহণ থিয়েটাৰৰ তৰফৰ পৰা জয়ন্ত শৰ্মা,অৰ্চনা অৰ্পি, নীহাৰেন্দ্ৰ শৰ্মা,ধনজিৎ শৰ্মা,ধনজিৎ দাস,ইন্দুৰাণী শইকীয়া,অমৰ নাথ আৰু লনী দাসে অভিনয় কৰা এই নাটকৰ পৰিবেশনৰ সময়ত উদ্যোক্তা “গছ”ৰ সদস্য নিজৰা হাজৰিকা,পমি হাজৰিকা,মেঘনা হাজৰিকা,সৌৰভ হাজৰিকা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close