অসমশীৰ্ষ

পঞ্চায়ত নিৰ্বাচনত এআইইউডিএফৰ টাৰ্গেট কংগ্ৰেছ

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম প্ৰথম খবৰ: লাহৰীঘাট সমষ্টিৰ ধূপগুৰিত আজি অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ এক বিশাল কমী সভা । লাহৰীঘাট ব্লক এ আই ইউ ডি এফৰ সভাপতি আব্দুল ৰেজ্জাকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাটোত উপস্থিত থাকে এ আই ইউ ডি এফ প্ৰধান বদৰউদ্দিন আজমল সাধাৰণ সম্পাদক চম্পক কলিতা কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক অধিবক্তা আমিনুল ইছলাম বিধায়ক দ্বয় ক্ৰমে হাফিজ বছিৰ কাছিমী, সাহাব উদ্দিন আহমেদ, সোজাম উদ্দিন লস্কৰ। লগতে জিলা সমিতিৰ সভাপতি ছিদ্দিক আহমেদ জিলা যুৱ মচাৰ সভাপতি মাহমাদুল হাছান আৰু দলৰ বিভিন্ন পয়াযৰ কমকৰ্তাসকল।

পঞ্চায়ত নথি বাহাল ৰখাৰ বাবে এ আই ইউ ডি এফ প্ৰধান বদৰউদ্দিন আজমলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত তৰা গোচৰৰ দ্বাৰা ৰাজ্যৰ ৪৮ লক্ষ মহিলা উপকৃত হোৱাত জিলা সভাপতিগৰাকীয়ে এ আই ইউ ডি এফ প্ৰধানক ধন্যবাদ জনায়। লাহৰীঘাট সমষ্টিৰ কোনো উন্নয়নমূলক কাম নকৰা সহজ-সৰল জন সাধাৰণৰ পৰা বিভিন্ন চলেৰে ফাকি দি ভোট লোৱা বিধায়ক ডাঃ নজৰুল ইছলামক তুলাধুনা দিয়ে।

তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিত কৈ কংগ্ৰেছ দল সংখ্যালঘু মানুহৰ বাবে বেছি ক্ষতিকাৰক। কংগ্ৰেছে সংখ্যালঘু মানুহক বন্ধকত ৰাখি ৰাজনীতি কৰে। ভাৰতীয় জনতাপাটিয়ে সংখ্যালঘু মানুহক সন্মুখৰপৰা আক্ৰমণ কৰে যিটোৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। আনহাতে কংগ্ৰেছ দল সংখ্যালঘুৰ গোপন শত্ৰু কংগ্ৰেছ দলে সংখ্যালঘু মানুহক পিছফালৰ পৰা চিপৰাং মাৰে য’ৰ পৰা পৰিত্ৰাণ পোৱা কোনো ৰাস্তা নাই ।

NRCত OI অন্তৰ্ভুক্ত কৰা মূল ব্যক্তি ডাঃ নজৰুল ইছলাম, ৰকিবুল হুছেইন , ভূমিধৰ বৰ্মন আৰু অৰ্ধেন্দু দে বুলি জিলা সভাপতিগৰাকীয়ে তেওঁৰ ভাষণত কয়। কাটলীচেৰাৰ বিধায়কজনেও সংখ্যালঘুসকলৰ ওপৰত বিভিন্ন সময়ত সংগঠিত হোৱা আক্ৰমণৰ মূলতে কংগ্ৰেছ দল বুলি উল্লেখ কৰি IMDT আইন বাতিল কৰি ন্যায়ালয়ত এক দূৰ্বল শপত নামা দাখিল কৰি সংখ্যালঘু মানুহৰ জীৱনলৈ কংগ্ৰেছ দলে এই চৰম দূৰ্দশা নমাই অনা বুলি বিধায়কজনে কয়।

দলৰ সাধাৰণ সম্পাদক চম্পাক কলিতাই তেওঁ এ আই ইউ ডি এফ দলত যোগদান কৰাৰ কাহিনী ব্যাখ্যা কৰি কয় যে কংগ্ৰেছ দলে NRCত OI শব্দটো অন্তৰ্ভুক্ত কৰাৰ মূল কাৰণটো আছিল বিভিন্ন সম্প্ৰদায়ৰ মাজত যাতে সংঘৰ্ষৰ সৃষ্টি হৈছে NRC বন্ধ হৈ যায় । কৰ্মী সভাটোত এ আই ইউ ডি এফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকষিত হৈছে তিনি জন জ্যেষ্ঠ কংগ্ৰেছ দলৰ কমীয়ে এ আই ইউ ডি এফ দলত যোগদান কৰে ।

Related Articles

Leave a Reply

Close