অসমশীৰ্ষ

পশ্চিমবংগৰ কোচবিহাৰত নিৰুদ্দেশ, কলগাছিয়াৰ মনাকোছা গাৱৰ মেধাৱী ছাত্ৰ 

কলগাছিয়াৰ পৰা আব্দুল হাই, প্ৰথম খবৰ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মনাকোচা গাৱৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ সাহাব উদ্দিন আহমেদ যোৱা ১৪ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লগতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত অধ্যয়ন কৰা ছাত্ৰ East West Medical College লৈ যোৱাৰ পথত পশ্চিমবংগৰ কোচবিহাৰৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ঢাকা মেডিকেল কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰ সাহাব উদ্দিন আহমেদে যোৱা ১৩ তাৰিখে কলগাছিয়াৰ নিজ বাস গৃহৰ পৰা ওলাই যোৱা ছাত্ৰ গৰাকীয়ে কোচবিহাৰৰ এখন হোটেলত নিশা থাকি ভাৰত-বাংলা সীমান্তলৈ যাত্ৰা কৰা বুলি দিনৰ ১১ বজাত শেষবাৰৰ বাবে পৰিয়ালৰ লগত যোগাযোগ কৰিছিল সাহাব উদ্দিনে। তাৰ পিছৰ পৰাই মোবাইলৰ চুইচ বন্ধ হৈ আছে। পৰিয়ালৰ লোকে কোচবিহাৰ থানাত গৈ ঘটনাটো জনোৱাৰ লগতে কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰজু কৰিছে। নিজ পুত্ৰক বিচাৰি নাপাই কোনো দুষ্ট চক্ৰই অপহৰণ কৰা বুলি সন্দেহ কৰিছে পৰিয়াল তথা ৰাইজে। এতিয়া কান্দোনত ভাঙি পৰিছে পিতৃ আলেপ উদ্দিন আৰু মাতৃ তাৰা ভানুয়ে। কোনোবা সংগঠনে তেওঁক  অপহৰণ কৰিলে মুকলি কৰি দিয়াৰ বাবে পিতৃ মাতৃয়ে কাতৰ আহ্বান জনাইছে। লগতে কোনা সদাশয় ব্যক্তিয়ে সাহাব উদ্দিনৰ সম্ভেদ পালে কলগাছিয়া আৰক্ষী থানাৰ লগতে এই 9854958128 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। ইফালে ছাত্ৰ জনক যদি কোনো ব্যক্তিয়ে আৱদ্ধ কৰি ৰাখিছে তেন্তে মানৱতাৰ খাতিৰত কলগাছিয়া এলেকাৰ বিভিন্ন দল সংগঠনৰ লগতে জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক, কলগাছিয়া মহকুমা সাংবাদিক সন্হাৰ সভাপতি আব্দুল হাইয়ে মেধাবী ছাত্ৰ জনক মকুলি কৰি দিয়াৰ বাবে আহ্বান কৰিছে ।

Related Articles

Leave a Reply

Close