শেহতীয়া
Home / সভা-সমিতি / পাখিমৰীয়াত শৈক্ষিক সজাগতা সভা

পাখিমৰীয়াত শৈক্ষিক সজাগতা সভা

প্ৰথম খবৰ, বঢ়মপুৰৰ পৰা নয়নমণি বৰা: নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী পাখিমৰীয়া শৰৎ চন্দ্ৰ বৈদ্য প্ৰাথমিক বিদ্যালয়ত আজি এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হৈ যায় l students satisfy education society-ৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰতিভা সন্ধানী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বঁটা বিতৰণৰ বাবে অনুষ্ঠিত হোৱা শৈক্ষিক সজাগতা সভাখনত সভাপতিত্বত কৰে  আলটাফউদ্দিন আহমেদে।

ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগুৱাই নিয়া উদ্দেশ্যৰে ২০১২বৰ্ষতেই জন্মগ্ৰহণ কৰা সংস্থাটোৱে প্ৰতিবছৰে প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছেl২০১৭ বৰ্ষৰো জুলাই মাহত অনুষ্ঠিত হোৱা পৰীক্ষাৰ বটাঁ বিতৰণৰ বাবে অনুষ্ঠিত কৰা সভাখনত মফিজউদ্দিন আহমেদ আৰু আবিদুৰ ৰহমান সমল ব্যক্তি হিচাপে উপস্থিত থাকেl

সংস্থাটোৰ সম্পাদক ৰফিউল হকে আঁত ধৰা সভাখনতেই প্ৰায় ২৭গৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সংস্থাৰ ফালৰপৰা মানপত্ৰ আৰু কিতাপৰ টোপোলা প্ৰদান কৰেl

Leave a Reply

Your email address will not be published. Required fields are marked *

*