অসমশীৰ্ষ

পাল মাৰিছে হেল্থ কাৰ্ডৰ অপাৰেটৰে, ৩০ হাজাৰৰো অধিক জনসংখ্যাৰ বিপৰীতে টিৰাপ-জাগুনত বহিৰাগত ১১ অপাৰেটৰ

প্ৰথম খবৰ, জাগুন: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী, টিপং, টিৰাপগেট এলেকাত খৰতকীয়াকৈ কৰি থকা হৈছে অটল হেল্থ কাৰ্ড। কিন্তু চৰম অৰাজকতাই দেখা দিছে হেল্থ কাৰ্ডৰ বাবে প্ৰ-পত্ৰ পূৰণৰ অস্থায়ী কেন্দ্ৰসমূহত। গ্ৰামীণ এলেকাত ১০০ ঘৰ পৰিয়ালৰ বিপৰীতে দুদিন সময় দিয়া কাৰ্য কিমান যুক্তিসংগত তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। 

হেল্থ কাৰ্ডক লৈ বৃহত্তৰ অঞ্চলবাসীৰ মাজত আপত্তিৰ সীমা নাই। একাংশৰ মতে, খিলঞ্জীয়া অসমীয়াতকৈ অধিক সন্দেহযুক্ত নাগৰিকেহে হেল্থ কাৰ্ডৰ ক্ষেত্ৰত আগৰণুৱা হোৱা দেখা গৈছে। ইপিনে আগতীয়াকৈ লিখিত জাননী নিদিয়াকৈ বা পোষ্টাৰিং নকৰাকৈ ঘপহকৈ হেল্থ কাৰ্ডৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহাত জনসাধাৰণ উপায়ন্তৰ হৈ পৰিছে। অপাৰেটৰসকলৰ ব্যৱহাৰতো প্ৰশ্ন উত্থাপন হৈছে। বহিৰাগত অপাৰেটৰসকলে ৰেছন কাৰ্ডক ভিত্তি কৰি প্ৰ-পত্ৰ পূৰণ কৰি আছে।

স্থায়ী কেন্দ্ৰ স্থাপন নকৰাত দ্বিধাগ্ৰস্ত হৈ পৰিছে ৰাইজ। বহু দুখীয়া জনসাধৰণে এই বিষয়ে একো উমঘামেই পোৱা নাই। বহু ৱাৰ্ড মেম্বাৰে হেল্থ কাৰ্ডক লৈ প্ৰচাৰ চলোৱাতো কাৰ্পণ্য কৰা বুলি অঞ্চলবাসীৰ আপত্তি। ৰাজনৈতিক দলসমূহৰ লগত জড়িত সকলেহে ইয়াৰ সুবিধা আদায় কৰিছে। কোনো কোনো অস্থায়ী কেন্দ্ৰ এলেকাত প্ৰচাৰ বিমুখ অৱস্থাৰ বাবে হেল্থ কাৰ্ডৰ বাবে জনসাধাৰণ শূন্য হোৱাও পৰিলক্ষিত হৈছে।

অপাৰেটৰসকলে হেল্থ কাৰ্ড প্ৰদান কৰা আৰু চৰকাৰী কমিছন লাভৰ বাবে সহজলভ্য ৰেছন কাৰ্ডক মূল নথি হিচাপে গ্ৰহণ কৰাত পৰৱৰ্তী সময়ত একাংশ সন্দেহযুক্ত লোকৰো হাতত যে হেল্থ কাৰ্ড উপলব্ধ হ’ব আৰু বৈধ খিলঞ্জীয়া অসমীয়া যে বঞ্চিত হ’ব সেইয়া নুই কৰিব নোৱাৰি।

ইপিনে একাংশ সুলভ মূল্যৰ দোকানীয়ে বিভিন্ন অজুহাতত জনসাধাৰণ তথা গ্ৰাহকৰ ৰেছন কাৰ্ডসমূহ নিজৰ দোকানত মজুত কৰি জব্দ কৰি ৰখাত একাংশ গঞা ৰাইজ বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে।

Related Articles

Leave a Reply

Close