শেহতীয়া
Home / অসম / পাৰ্বত্য জিলাৰ ভূমি সন্দৰ্ভক লৈ ডংকামোকামত জৰুৰী বৈঠক

পাৰ্বত্য জিলাৰ ভূমি সন্দৰ্ভক লৈ ডংকামোকামত জৰুৰী বৈঠক

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে চৰকাৰে চৰকাৰী আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে বেদখল কৰা বেদখলকাৰীৰ বিৰুদ্ধে ইতিমধ্যে গ্রহণ আৰু সম্পন্ন কৰা উচ্ছেদ অভিযানৰ বিষয়টোয়ে সমগ্ৰ ৰাজ্য জোকাৰি থকাৰ সময়তে আজি পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত অনুস্থিত হৈ যায় পাৰ্বত্য জিলাৰ ভূমি সন্দৰ্ভক লৈ এখন গুৰুত্ত্বপূৰ্ণ জৰুৰী বৈঠক।

উল্লেখ্য যে আয়োজিত বৈঠকত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে উপস্থিত থকাৰ বিপৰীতে ভূমি-ৰাজহচক্ৰ বিভাগ আৰু মীন পালন বিভাগৰ দায়িত্বত থকা পৰিষদীয় কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ,পৰিষদীয় সদস্য প্ৰভাত টাৰ’, পৱন কুমাৰৰ লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ডেপুটি চেক্ৰেটাৰী তথা লেণ্ড চেটেলমেণ্ট বিষয়া মাইকেল তিমুং,ডংকামোকাম ৰাজহচক্ৰৰ চক্ৰ-বিষয়া দিলীপ টেৰণৰ উপৰিও ৰাজহচক্ৰটোৰ অধিনত থকা মৌজাদাৰ,চৰকাৰী গাওঁবুঢ়াকে আদি কৰি ভালে সংখ্যক সংশ্লিষ্ট বিভাগীয় লোক উপস্থিত থাকে এই বৈঠকত। গুৰুত্ত্বপূৰ্ণ যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ কাৰ্যবাহী সভাত গ্ৰহণ কৰা প্ৰস্তাৱমৰ্মে পৰিষদখনে দিয়া নিৰ্দেশানুযায়ী আজি ডংকামোকামস্থিত শিক্ষা বিভাগৰ অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক। মন কৰিবলগীয়া কথা যে কাৰ্বি আংলং জিলা অন্তৰ্গত বিভিন্ন পৰ্য্যায়ত থকা প্রতিটো শ্ৰেণীৰ ভূমিক লৈ কৰা ভূমি সম্বন্ধীয় আলোচনাচক্ৰত বিশেষকৈ জিলাখনত অবৈধভাৱে কৰা বসবাস,আন্তঃজিলা অথবা আন্তঃৰাজ্যিক সীমাৰেখাত হোৱা আগ্ৰাসন, চৰকাৰী আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমিত অবৈধভাৱে হোৱা বেদখল,অনিয়মেৰে প্রদান কৰা ভূমি পট্টা কৰ্তন বা নতুনকৈ প্ৰদান কৰিব লগা ভূমি পট্টা,ভূমি খাজনা সংগ্ৰহ আদি বিষয় সমুহক লৈ সবিস্তাৰে আলোচনা কৰা হয়। লগতে উল্লেখিত বিষয়সমুক লৈ তথ্য আৰু অন্বেষণৰ ভিত্তিত লাভ কৰা প্রকৃত প্ৰতিবেদন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত দাখিল কৰাৰ বিষয়টোও বিশেষভাৱে আলোচনা কৰা হয় এই বৈঠকত। আৰু  অনাগত দিনত তথ্য আৰু প্রকৃত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে প্ৰয়োজন অনুসাৰে ভূমি পট্টা প্ৰদান কৰা অথবা ভূমি পট্টা কৰ্তন কৰা নাইবা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আদি বিষয়ৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও অৱগত কৰে বিভাগীয় কৰ্তৃপক্ষই। আনহাতে আলোচনাৰ মজিয়াতে উক্ত ৰাজহচক্ৰটোয়ে বিগত বৰ্ষত কোটি টকাৰো অধিক খাজনা সংগ্রহ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কেৱল ২৯ লাখ টকাহে সংগ্রহ কৰিবলৈ সক্ষম হোৱাটোও এক পৰিতাপৰ বিষয় বুলি কৈ এই ক্ষেত্ৰত বিশেষভাৱে লবলগীয়া ব্যৱস্থা সম্পৰ্কেও আলোচনা কৰে উপস্থিত বিভাগীয় কৰ্তৃপক্ষ আৰু কাৰ্বি পৰিষদৰ দলটোয়ে। লগতে কাৰ্বি আংলঙত ভূমিৰ ক্ষেত্ৰত সত্বাধিকাৰী হস্তান্তৰ, ভূমি দান আদিৰ বিষয়সমূহ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক অৱগত কৰোৱাটো বাধ্যতামূলক কৰা হৈছে বুলিও জানিবলৈ দিয়ে পৰিষদীয় দলটোয়ে। বিপৰীতে আগন্তুক সময়ত কাৰ্বি আংলঙত থকা চৰকাৰী গাওঁবুঢ়াসকলৰ মহিলি দৰমহা বৃদ্ধি কৰিব বুলিও আলোচনাচক্ৰত আশ্বাস দিয়ে উপস্থিত থকা চৰকাৰী গাওঁবুঢ়াসকলক পৰিষদৰ প্ৰতিনিধি দলটোয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*