অসমশীৰ্ষৰাষ্ট্ৰীয়

পুনৰ ভুল হিচাপেৰে টুইট কৰি লজ্জিত ৰাহুল গান্ধী 

নিউজ ডেস্ক, প্ৰথম খবৰ: প্রধান মন্ত্রী নৰেন্দ্র মোদীক ধাৰাবাহিকভাৱে প্রশ্ন কৰি অহা ৰাহুল গান্ধীয়ে পুনৰ আন এটা প্রশ্ন কৰে যদিও উক্ত প্রশ্নত ওলাই পৰে যে তেওঁ গণিতত অতিশয় দুর্বল। কিছুদিন পূর্বে একেই ভুল গাণিতিক হিচাপ-নিকাচেৰে টুইট কৰি দেশজুৰি সমালোচনাৰ সম্মুখীন হােৱা ৰাহুল গান্ধীয়ে কালি পুনৰ ভুলকৈ এটা টুইট কৰে, যিটো পিছত তেওঁ ডিলিট কৰি দিয়ে। গুজৰাটৰ নিৰ্বাচনৰ
প্রতি লক্ষ্য ৰাখি ৰাহুল গান্ধীয়ে যোৱা এটা সপ্তাহে ধাৰাবাহিকভাৱে প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীক প্রশ্ন কৰি মোদী চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দি জনতাৰ আকৰ্ষণ কংগ্ৰেছৰ ফালে টানি চেষ্টা অব্যাহত ৰাখিছে যদিও কালি ভুল গাণিতিক হিচাপেৰে টুইট কৰি লাজত পৰে।

২০১৪ চনত ৰন্ধন গেছ,দাইল,বিলাহী, পিয়াঁজ,গাখীৰ,ডিজেল আদিৰ দাম আৰু বর্তমান এই সামগ্ৰীৰ দামৰ প্রভেদ দেখুৱাই মোদী চৰকাৰৰ সমালোচনা কৰিবলৈ যাওঁতেই ভুল হিচাপ কৰি টুইট ডিলিট কৰি দিবলৈ বাধ্য হয়। পিছত তেওঁ পুনৰ আন এটা টুইট কৰি শুদ্ধ তালিকা এখন প্রকাশ কৰে।

কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন পত্র দাখিলৰ পিছতে এনেদৰে ভুলকৈ টুইট কৰাটােক লৈ পুনৰ বিৰোধীৰ সমালোচনাৰ সম্মুখীন হৈছে ৰাহুল গান্ধী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close