অসম

পুনৰ সংস্থাপনক লৈ উত্তাল সোণাপুৰ:৬ জাতীয় সংগঠনৰ প্ৰতিবাদ

নিউজ ডেস্ক,প্ৰথম খবৰ:সৰ্বা চৰকাৰে আমচাঙবাসীৰ ওপৰত চলোৱা অত্যাচাৰৰ পাছত উচ্ছেদিত লোকসকলক চৰকাৰখনে সোণাপুৰত সংস্থাপন দিব ওলোৱা কাৰ্য্যসূচীত ক্ষোভ প্ৰকাশ কৰিছে সোণাপুৰবাসী ৰাইজে৷

আজি সোণাপুৰৰ আমৰি কাৰ্বিৰ ৬ জাতীয় সংগঠনে এক বৃহৎ আন্দোলন গঢ়ি সমতা লালমাটিৰ পৰা চক্ৰ বিষয়া কাৰ্যালয়লৈ সমদল উলিয়াই চৰকাৰখনক ধিক্কাৰ দি তিব্ৰ ভাষাৰে গৰিহণা দিয়ে৷

জাতীয় সংগঠনকেইটাই কয় যে চৰকাৰৰ এনে কাৰ্যক কেতিয়াও তেওঁলোকে মানি নলয় আৰু লগতে সোণাপুৰৰ প্ৰদূষিত উদ্যোগসমূহো সৰ্বা চৰকাৰক অতি শীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান জনায় আৰু লগতে চৰকাৰে সোণাপুৰবাসীৰ দাবী মানি নল’লে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়নি প্ৰকাশ কৰে জাতীয় দল সংগঠনকেইটাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close