অসম

পুৰণিগুদামত লোকনাট্য পাল্লা-ভাওনাৰ আখৰাৰ পূৰ্ণ প্ৰস্তুতি

প্ৰথম খবৰ,চামগুৰি:মনিকূট কৃষ্টি বিকাশ কেন্দ্ৰ আৰু শংকৰী বিদ্যালয়ৰ ব্যৱস্থাপনাত নগাঁৱৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত পূৰ্ণ উদ্যমৰে চলি আছে অসমীয়া লোকনাট্য পাল্লা ভাওনাৰ অন্তিম পৰ্য্যায়ৰ আখৰা। পুৰণিগুদাম পাৰঘাটত অহা 25 ডিচেম্বৰত মঞ্চস্থ হ’বলগীয়া লক্ষীন্দাৰ-বেউলা নামৰ পাল্লা-ভাওনাখনৰ বাবে বৰ্তমান প্ৰায় কুৰিটা চৰিত্ৰত অভিনয় কৰিবৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ন-পুৰণি বহু শিল্পীয়ে বিগত এপষেক ধৰি কৰি অহা আখৰা বৰ্তমান তুংগত উঠিছে৷ চামগুৰি খাটোৱালৰ সমীপৱৰ্ত্তী বৰঙাতলিৰ পৰা অহা চাৰিজনকৈ জ্যেষ্ঠ গায়ন-বায়ন-পালিৰ পৰিচালনাত প্ৰান পাই উঠিছে পুৰণিগুদামৰ বিশেষ নাট্যদলটো।

উল্লেখ্য যে, আমাৰ পুৰণিকলীয়া অসমীয়া কলা-কৃষ্টি-সংস্কৃতি আধুনিকতাৰ কড়াঁল গ্ৰাসত পৰি নিঃচিহ্ন হৈ যোৱাৰ উপক্ৰম হোৱাৰ সময়তে ঐতিহ্যমণ্ডিত পুৰণিগুদামত একাংশ স্থানীয় ন-পুৰণি শিল্পীয়ে এনে ধৰণৰ লোকনাট্য তথা পাল্লা-ভাওনাৰ চৰ্চা কৰাৰ বাবে এতিয়া অধিক উৎকণ্ঠাৰে নাটখনি মঞ্চস্থ হ’বলগীয়া সেই বিশেষ দিনটোলৈ সমগ্ৰ অঞ্চলবাসীয়ে অপেক্ষা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close