সভা-সমিতি

পুৰণিগুদামত  সাইবাবা মন্দিৰৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

প্ৰথম খবৰ, পুৰণিগুদাম: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত শ্ৰী শিৰডী সাইবাবা সেৱা ন্যাস, নগাঁৱৰ উদ্যোগত শ্ৰী শিৰডী সাইবাবা মন্দিৰৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সাই বাবাৰ মহা সমাধিৰ শতবাৰ্ষিকী অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পুৱা ৭বজাত কাকড় আৰতি, পুৱা ৮ বজাত অভিষেক আৰু হোম আৰু পুৱা ১০-৫৪ বজাত সাই বাবা সৎ চৰিত্ৰ পাঠ আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাৰ অনুষ্ঠিত কৰা হয়।

সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাত সাই চৰিত্ৰ পাঠ কৰে গুৱাহাটীৰ ডলী পাটোৱাৰীয়ে। ইয়াৰ পাছতে প্ৰতাপ দাসৰ নেতৃত্বত ভাগৱত পাঠ, নগাঁও ব্যপিষ্ট মিছনেৰীৰ ফাদাৰ হেমন্ত গোল্ডস্মিথ পোষ্টৰ দ্বাৰা বাইবেল পাঠ, পুৰণিগুদাম বৰ মছজিদৰ মৌলানা কাড়ি আলিউল্লাহৰ কোৰান পাঠ আৰু বৰকোলাৰ শিখ গুৰুদ্বাৰৰ কিছু সিংহ, জচধাৰ সিংহ, ভকত সিংহ, মনফুৰ সিংহ আৰু নিৰ্মল সিংহৰ দ্বাৰা গুৰু গ্ৰন্থ চাহেব পাঠ কৰাৰ পাছতে শ্ৰী শিৰডী সাইবাবা পাল্কী যাত্ৰা আৰম্ভ কৰা হয়।

পুৰণিগুদামৰ শ্ৰী শিৰডী সাইবাবা মন্দিৰৰ পৰা নগাঁও চহৰলৈ পাল্কী যাত্ৰা আৰম্ভ কৰি পুণৰ মন্দিৰলৈ ঘুৰি অহা উক্ত যাত্ৰাত লোককৃষ্টি, কলা-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠানৰ সমাহাৰ হোৱা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close