বিনোদনযুৱশীৰ্ষ

পুৰুষৰ ৰূপচৰ্চা 

নিলোফা ৰহমান, বেলতলা 

বৰ্তমান সময়ত প্ৰত্যেকজন পুৰুষে নিজৰ সৌন্দৰ্য চৰ্চাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে । কিন্তু তাৰ মাজতো কিছু কিছু ক্ষেত্ৰত অৱহেলা কৰা দেখা যায় । পুৰুষে নিজৰ চুলিখিনিৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৱহেলা কৰা দেখা যায় । ফলত পুৰুষৰ চুলিৰ সমস্যা আটাইতকৈ বেছি হয় । মানসিক চিন্তা , অতিমাত্ৰা মানসিক তথা শাৰীৰিক পৰিশ্ৰম , পুষ্টিকৰ খাদ্যৰ অভাৱ ইত্যাদি নানা কাৰণত চুলি সৰা দেখা যায় । চুলিসৰা নিয়ন্ত্ৰণ কৰাৰ বাবে মানসিক চিন্তাৰ পৰা বিৰত থকাৰ লগতে সেউজীয়া শাক পাচলি , পুষ্টিকৰ খাদ্যৰ লগতে বেছি তেল তথা মচলাযুক্ত খাদ্য খাব নালাগে।

স্কুটাৰ , মটৰ চাইকেল আদি চলাওঁতে মূৰটো ঢাকি ৰাখিব। বেছি বতাহ ,ধূলি চুলিৰ বাবে বেয়া, ইয়ে বেছি চুলি সৰাত অৰিহণা যোগায়। ধুমপান বা মদ্যপান কমকৈ কৰিব বা একেবাৰে নকৰিব । চুলিত বেছিকৈ জেল , স্প্ৰে লগাব নালাগে ইয়ে চুলি দুৰ্বল কৰি তোলে। চুলিখিনি সুন্দৰ কৈ ৰাখিবলৈ হলে সপ্তাহত দুই বা তিনিবাৰ কুহুমীয়া তেলেৰে মালিচ কৰিব লাগে। তেতিয়া ৰক্ত সঞ্চালন বৃদ্ধি পায়, চুলিৰ গুড়ি মজবুত হয়, ৰাতিটো ৰাখি পিছদিনা ভাল শ্বেম্পুৰে মূৰটো ধুব লাগে । ৰ’দত কেতিয়াও চুলিত তেল লগাই যাব নালাগে । এনে কৰিলে চুলি পকা সম্ভাৱনা থাকে । সপ্তাহত এবাৰ চুলিত কণ্ডিশ্যনিং কৰিব লাগে। ইয়াৰ বাবে জেতুকাৰ গুড়ি একাপ , আমলখিৰ গুড়ি , এটা কণী , আধা কাপ দৈ মিহলাই এনেদৰে মিশ্ৰণটো কৰি ১ ঘন্টাৰ কাৰণে এই লেপটো মূৰত লগাব লাগে । এইদৰে চুলিৰ যত্ন লৈ চাওঁকচোন। চুলি সৰাৰ সমস্যা নোহোৱা হব আৰু সুস্থ চুলিৰ অধিকাৰী হব পাৰিব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close