অসম

পূৱ কালাকুছিত সভা ঘৰৰ আধাৰশিলা স্থাপন বিধায়ক অশোক কুমাৰ শৰ্মাৰ 

প্ৰথম খবৰ,নলবাৰী:আজি নলবাৰীৰ দক্ষিণ প্ৰান্তৰ পূৱ কালাকুছি স্থিত মদন মোহন গোসাঁই ঘৰৰ সভাঘৰ নিৰ্মাণৰ (বিধায়ক পুঁজিৰ আবণ্টিত ধনেৰে) আধাৰশিলা স্থাপন কৰা হয়। পবীন বেজবৰুৱাই আতঁ ধৰা এক অনুষ্ঠানত তথা নলবাৰী জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মা,পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মন,সাধাৰণ সম্পাদক খগেন ডেকা,জিলা অবিচি মৰ্চাৰ সভাপতি ধনমণি দাস,জ্যেষ্ঠ নেতা অভিৰাম ডেকা,যুৱ নেতা পৰাগ চক্ৰৱৰ্তী,কুলদ্বীপ মালাকৰ সহ অঞ্চলটোৰ ৰাইজৰ উপস্থিতিত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই সভাঘৰটোৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে।  অনুষ্ঠানত ভাষণ ৰাখি বিধায়ক শৰ্মাই কয় যে আজি উন্নয়ন-বিকাশেৰে সমগ্ৰ ৰাজ্য তথা নলবাৰী সমষ্টিও আগবাঢ়িছে। আগন্তুক সময়ত ইয়াৰ আকৌ সুফল ৰাইজে পাব। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে-আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনত ৰাইজে বিজেপিক মুকলিকৈ সমৰ্থন আগবঢ়াওক। কিয়নো গ্ৰাম্যাঞ্চলৰ উন্নয়ন অধিক হব লাগিলে পঞ্চায়তৰ প্ৰতিনিধি সমূহ শাসক দলৰ হলে ভাল বুলি দোহাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close