অসম

প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদত উত্তাল নগাঁৱৰ ধূপগুৰি পথাৰ

প্ৰথম খবৰ, জাজৰি: এইবাৰ নগাঁৱৰ ধূপগুৰিত পুনৰ নৰ পিশাচৰ কামনাৰ বলি হ’ব লগা হ’ল এগৰাকী বিবাহিতা মহিলা। অসমৰ দিনে দিনে বৃদ্ধি পাইছে অমানবীয় ঘটনা। অতি পৰিতাপৰ কথাটো হৈছে যে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ সীমামূৰীয়া গাঁওবোৰতো প্ৰয়েই সংঘটিত হৈ অহা দেখা গৈছে বিভিন্ন জঘন্য ঘটনা। ইয়াৰ বাবে চিন্তিত হৈ পৰিছে বৌদ্ধিক মহল।

এটা কথা কবই লাগিব যে বটদ্ৰবা বুলি নহয় সমগ্ৰ অসমতেই এতিয়া সুৰক্ষিত নহয় নাৰী সমাজ। জানিব পৰা মতে, যোৱা ২৪ নবেম্বৰ শুকুৰবাৰে নিশা ধূপগুৰিৰ মইনা বেগম নামৰ মহিলাগৰাকীক ঘৰৰ বেৰ কাতি উলিয়াই নি মহিলাগৰাকীৰ সন্মানত অাঘাট কৰে অাৰু চোকা অস্ত্ৰৰে অাঘাট কৰি সংকটজনক অৱস্থাত পেলাই থৈ যোৱাত চুবুৰীয়া ৰাইজে থানাত খবৰ দিয়ে অাৰু মহিলাগৰাকীক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে কিন্তু এতিয়া মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰা হৈছে। মহিলাৰ ওপৰত বৰ্দ্ধিত হত্যা হিংসাৰ বিৰুদ্ধে সদৌ অসম প্ৰগতিশীল নাৰী সন্হা ধিং অাঞ্চলিক কমিতিৰ উদ্যোগত এখনি প্ৰতিবাদী সভা ধূপগুৰিৰ পথাৰত অনুষ্ঠিত হয়।

প্ৰায় সহস্ৰাধিক লোক উপস্থিত থকা বিশাল সভা খনিত প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সম্পাদিকা অায়েফা বেগম, সভানেত্ৰী পৰী কুমাৰী বৰুৱা, গণতান্ত্ৰাতিক যুৱ ফেডাৰেচন অসমৰ সম্পাদক, সভাপতি ক্ৰমে ম: অাছাদুল হক চৌধুৰী, ম: এম চালিম অাহমেদ, সদৌ অসম গ্ৰামীন শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক অৰূপ কুমাৰ মহন্তই বহুমূলীয়া ভাষন প্ৰদান কৰে। উক্ত প্ৰতিবাদী সভাতেই প্ৰস্তাৱ লোৱা হয়। দোষী মফিজ্জুদ্দিনক ফাঁচি দিব লাগে, লগতে ধিং থানাত লগতে নগাঁও অাৰক্ষী অধীক্ষকক সোনকালে চাৰশ্বিত প্ৰদান কৰিবলৈ উপযুক্তলৈ এখনি স্মাৰক প্ৰত্ৰ প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যক জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close