অসম

প্ৰতিবন্ধীৰ বাবে সহানুভূতিৰ এষাৰ আৰক্ষী-সাংবাদিকৰ


শিমলুগুৰিৰ পৰা নেকিবুল হক : প্ৰথম খবৰ :
সমগ্ৰ বিশ্বতে প্ৰতিবন্ধী দিৱস পালন কৰা হয় ।প্ৰতিবছৰেই প্ৰতিবন্ধী সকলক লৈয়ে পালন কৰা হয় এই দিৱস।কিন্তু প্ৰকৃততে প্ৰতিবন্ধী সকলে সুবিধা পাইছেনে।কি কয় বিশেষভাৱে সক্ষম লোকসকলে।শিৱসাগৰ জিলাৰ মাহমৰা সমষ্টিৰ পানীবিল গোমোঠা গাঁৱৰ এই যুৱক জনৰ নাম বিদ্যুত গগৈ।বয়স বাইছ বছৰ।জন্মৰ পাছৰে পৰা অপৈণত এই  যুৱকজনে আজিকোপতি লাভ নকৰিলে কোনো চৰকাৰী সুবিধা।বহু বাৰ বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি আবেদন নিবেদন কৰিও সাহাৰ্য পোৱাৰ দূৰৈৰে কথা চলিব পৰাকৈ এখন হুইল চেয়াৰো লাভ কৰিবলৈ সক্ষম নহল।পিতৃ ক্ষীৰেশ্বৰ  গগৈয়ে শাক পাচলি বিক্ৰী কৰিয়ে পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ পৰিয়ালটোক ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে।চৰকাৰ আহিল আৰু গল কিন্তু শাৰীৰিকভাৱে বিশেষ সক্ষম যুৱকজনৰ পৰিয়ালটো কাতৰ আহ্বানে হৃদয় গলাব নোৱাৰিলে চৰকাৰৰ।অৱশেষত এই যুৱকজনৰ সন্দৰ্ভত দৈনিক অসমত বাতৰি প্ৰকাশৰ পাছে সহায়ৰ বাবে আগবাঢ়ি আহিল আৰক্ষী,সাংবাদিক আৰু শুভাকাংক্ষী।দৰিদ্ৰ পৰিয়ালৰ এই যুৱক জনক অকণমান সহায় আগবঢ়োৱা বাবে শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  বিষয়া উজ্জল গোস্বামীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰি সাংবাদিক,গাঁওৰক্ষী বাহিনীৰ সহযোগত যুৱকজনক এখন হুইল চেয়াৰ প্ৰদান কৰাৰ লগতে প্রয়োজনীয় সামগ্ৰী বিতৰণ কৰে।এই উদ্দেশ্যে পানীবিল গোমোঠা গাঁওস্থিত বিদ্যুতৰ গৃহত উপস্থিত হৈ তেওঁৰ হাতত সামগ্ৰী সমূহ অৰ্পন কৰে।সহায় আগবঢ়োৱা অনুষ্ঠানত সাংবাদিক নেকিবুল হক,বিপিন হাজৰিকা,গাঁওৰক্ষী বাহিনীৰ হৈ দিগন্ত সন্দিকৈ মনোজ শইকীয়াৰ লগতে ভালেকেইজন ব্যক্তি উপস্থিত থাকে।পঞ্চম শ্ৰেণীতেই শিক্ষা জীৱন সামৰা বিদ্যুতে শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে আৰু বিদ্যালয়লৈ যাব নোৱাৰিলে।বহু আবেদন নিবেদন কৰিও চৰকাৰ তথা বিভাগৰ ফালৰ পৰা সহাৰি লাভ নকৰা সহৃদয়বানৰ সহায় লাভ কৰি আৰক্ষী সাংবাদিকৰ দলটিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close