অসমশীৰ্ষ

প্ৰশ্ন কিয়? চাংসাৰীত সাংবাদিকলৈ তৰ্জনী বহিৰাগত বণিকৰ

আমিনগাওঁস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ এনইউ ফুডত উলংঘন শ্ৰমিক আইন

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ আমিনগাওঁস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা এন ইউ ফুডছ প্ৰাইভেট লিমিটেড নামৰ আটা, ময়দাৰ মিলত বিয়াগোম দুৰ্নীতিৰ অভিযোগ উঠিছে। সুৰেশ নামধাৰী সত্বাধিকাৰীজনৰ ছত্ৰছাঁয়াত বহিঃৰাজ্যৰপৰা উক্ত মিলটোলৈ আমদানিকৃত হোৱা ঘেঁহুৰ ট্ৰাকসমূহৰ জৰিয়তে বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি অহাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে একাংশ বণিক গোষ্ঠীয়ে। ইয়াৰ উপৰি মিলটোতে উলংঘা হৈ আছে শ্ৰমিকৰ বাবে থকা আইনখনো।

এইবিলাক অভিযোগ আৰু আইন উলংঘনৰ বিষয় সন্দৰ্ভত সাংবাদিকে স্বতাধিকাৰীজনৰপৰা জানিব বিচৰাত উভতি সাংবাদিকে এই প্ৰশ্ন সোধাৰ অধিকাৰ নাই বুলি একপ্ৰকাৰৰ ধমকি দিয়ে। উল্লেখ্য যে সুৰেশ নামধাৰী ব্যক্তিজনৰ ফেক্টৰীত কৰ্মৰত এজন শ্ৰমিকেও মুখত মাক্স, হাতত গ্লভছ্ পিন্ধা পৰিলক্ষিত নহ’ল। খাদ্য সুৰক্ষা আইন, শ্রমিক আইন উলংঘা কৰি সুৰেশনামধাৰী ব্যক্তিজনে ফেক্টৰী চলোৱাৰ সাহস ক’ত পালে সেয়াহে হৈ পৰিছে চৰ্চাৰ বিষয়।

কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্যক সমগ্ৰ বিষয় সন্দৰ্ভত অৱগত কৰাত তাৎক্ষণিকভাৱে ইয়াৰ অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে।  এতিয়া জিলা উপায়ুক্তই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱাৰ পাছত বিষয় সন্দৰ্ভত কামৰূপ প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহন কৰে সেয়াহে অনাগত সময়ত হ’ব লক্ষ্যণীয়।

Related Articles

Leave a Reply

Close