শেহতীয়া
Home / অসম / প্ৰসঙ্গ এন আৰ চি,  সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ

প্ৰসঙ্গ এন আৰ চি,  সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ:
হিন্দু -মুছলমান,সকলো সাম্প্ৰদায়িক দল- সংগঠন আৰু নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক বিবৃতি যোগে চৰকাৰলৈ আহ্বান জনায় সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে। সম্প্ৰীতি- ঐক্যতাৰ মিলনভূমি শংকৰ -আজানৰ দেশ অসমত শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) প্ৰসংগ টানি আনি একাংশ সাম্প্ৰদায়িক দল-সংগঠন তথা নেতাই সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ সমাজ জীৱনত বিষবাষ্প বিয়পাই দিবলৈ অহৰহ চেষ্টা কৰি থকাৰ পিছতো সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ৰহস্যজনক মৌনতাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে । ছাত্ৰ সংগঠনটোৰ বৰপেটা জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক চাহনুৰ আলীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মৌলানা আৰ্শ্বাদ মাদানীৰ উচতনিমূলক মন্তব্য , বিজেপিৰ বিধায়কদ্বয় মৃণাল শইকীয়া , শিলাদিত্য দেৱৰ সাম্প্ৰদায়িক মন্তব্য , প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমৰ হিন্দুৰ বিৰুদ্ধে হুংকাৰ আৰু শেহতীয়াভাৱে হিন্দু সংহতিৰ নেতা দেৱাতনু ভট্টাচাৰ্যৰ মুছলিমৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ দৰে সাম্প্ৰদায়িক মন্তব্যত সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰে আৰু শান্তি- সম্প্ৰীতিৰ শ্লোগান আওৰোৱা ৰাজ্য চৰকাৰখনক এইসকল সাম্প্ৰদায়িক নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিবৃতিটোত দাবী জনায় । বিবৃতিটোত সদৌ অসম গৰিয়া- মৰিয়া যুৱ-ছাত্ৰ পৰিষদে হিন্দু -মুছলমান সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে মাত মাতি যাব বুলি উল্লেখ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*