শেহতীয়া
Home / মহিলা / প্ৰিয়ংকা চোপ্ৰালৈ মাদাৰ টেৰেছা স্মাৰক বঁটা

প্ৰিয়ংকা চোপ্ৰালৈ মাদাৰ টেৰেছা স্মাৰক বঁটা

নিউজ ডেস্ক,প্ৰথম খবৰ:
বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ সমাজৰ বিভিন্ন দায়িত্বশীল কৰ্মত নিজৰ অৱদান আগবঢ়োৱাৰ বাবে লাভ কৰিলে মাদাৰ টেৰেছা স্মাৰক বঁটা। অভিনেত্ৰীগৰাকীয়ে ছিৰিয়াত হোৱা দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰাৰ লগতে শৰনাৰ্থী শিশুসকলৰ লগতো মত বিনিময় কৰিছিল আৰু এই বিশেষ কাৰণতেই তেওঁলৈ আগবঢ়োৱা হয় এই বিশেষ বঁটা। তেওঁ ইউনিচেফৰ শুভ ৰাজদূত হোৱাৰ উপৰিও বিশেষ পৰোপকাৰী গতিবিধিৰ লগতো জড়িত। তেওঁৰ অনুপস্থিতিত এই বঁটা গ্ৰহণ কৰে তেওঁৰ মাতৃ মধু চোপ্ৰাই। এইবিষয়ত অভিনেত্ৰীগৰাকীয়ে মন্তব্য দিয়ে এইদৰে, “মই এই বঁটা গ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। এইক্ষেত্ৰত মই মোৰ মাক ধন্যবাদ দিব বিচাৰোঁ”। উল্লেখ্য যে, প্ৰিয়ংকা চোপ্ৰাৰ পূৰ্বে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল কিৰণ বেদী, আন্না হাজাৰে, অস্কাৰ ফাৰ্ণানডেজ, সূধা মূৰ্তি, মালালা ইউচুফজাই, সুস্মিতা সেন আৰু বিলকিচ বানু ইদিৰ দৰে বহু প্ৰথিতযশা ব্যক্তিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*