যুৱ

প্ৰেমৰ বাবে সৰ্বোৎকৃষ্ট হয় বছৰৰ শেষ মাহ

সৌৰভজ্যোতি গোস্বামী 

প্ৰেম এক স্বৰ্গীয় অনুভূতি। এই পৃথিৱীত প্ৰেমৰ সমান মূল্যবান একো নাই। প্ৰেম যেতিয়াই তেতিয়াই হ’ব পাৰে। প্ৰেমে নামানে বাধা বিঘিনি। প্ৰেম কেতিয়াও দিন,মাহ নাইবা বছৰৰ ওপৰত ভিত্তি কৰি নহয়। প্ৰেম কৰিবলৈ কোনো নিৰ্দ্দিষ্ট সময় নাই যদিও বছৰৰ শেষ মাহ অৰ্থাৎ ডিচেম্বৰ মাহ সকলোতকৈ উৎকৃষ্ট বুলি কোৱা হয়। কাৰণ এই মাহত সকলো ৰোমাণ্টিক হৈ পৰে। এই মাহটোত প্ৰেমিক-প্ৰেমিকাযুগল অতি আকৰ্ষণীয় তথা আনন্দিত হোৱাটো পৰিলক্ষিত হয় যিয়ে পিছলৈ দুই অন্তৰৰ মিলন ঘটায় আৰু দুই অন্তৰ,এক জীৱন হৈ পৰে।

ডিচেম্বৰ মাহত খ্ৰীষ্টমাছ পালন আৰু নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চলোৱা হয় বাবে এই মাহক প্ৰেমৰ এক বিশেষ সময় বুলি ধৰা হয়। সাধাৰণতে এই বিশেষ মাহটোত সকলোৱে বছৰটোৰ ভুল বুজাবুজিবোৰ আঁতৰোৱাৰ চেষ্টা কৰে আৰু মিলাপ্ৰীতিৰে থাকিবলৈ যত্ন কৰে। সকলোতে এটা আনন্দৰ পৰিৱেশে বিৰাজ কৰে। উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যেকেই কিবা বিশেষ কৰাৰ বাবে ন-ন প্ৰতিজ্ঞা লয়। সেইবাবে এই মাহটো প্ৰেমিক-প্ৰেমিকাযুগলৰ বাবে এক সৰ্বোত্তম সময়। প্ৰেম বিশেষজ্ঞৰ মতে,ঠাণ্ডাৰ এই সময়খিনিত যুৱক-যুৱতীসকলৰ শৰীৰত হৰমোনৰ পৰিবৰ্তন হয়। সেইবাবে এই সময়ত যদি যুৱক-যুৱতী দুয়ো পৰস্পৰে পৰস্পৰক পছন্দ কৰে তেন্তে তেওঁলোকৰ মাজৰ সম্পৰ্ক গভীৰ হয়। নতুন বছৰটোক আদৰিবলৈ সাধাৰণতে এই সময়ত সকলোৱে আনন্দিত হোৱাৰ উপৰিও বনভোজলৈও যায়। ন-ন ঠাইত বিশেষ পৰিবেশৰ মাজত প্ৰেমে আৰু অধিক প্ৰাণ পাই উঠে।

এই সময়খিনিত সকলো মানুহে সাধাৰণতে গৰম অনুভূতিৰ বাবে গৰম কাপোৰ পিন্ধে,গৰম বস্তু সেৱন কৰে,কোনেও ঠাণ্ডা বস্তু নাখায়। চকলেট হৈছে এইখিনি সময়ৰ প্ৰথম পছন্দৰ বস্তু। সৰু, ডাঙৰ সকলোৱে চকলেট খায়। চকলেট অবিহনে বৰ্তমান সময়ত খ্ৰীষ্টমাছ আৰু নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ নহয় বুলিয়েই ক’ব পাৰি। এই সকলোবোৰ বস্তুৰ প্ৰভাৱ আমাৰ স্বভাৱ চৰিত্ৰত পৰিলক্ষিত হয় যাৰবাবে প্ৰায়সংখ্যকেই এই সময়ত ৰোমাণ্টিক হয়। ডিচেম্বৰ মাহৰ ঠাণ্ডা বতাহ আৰু পৰিৱেশেও সকলোৰে মন প্ৰাণ ৰোমাণ্টিক কৰি তোলে। যিহেতু এই মাহৰ পিছতেই নতুন বছৰৰ আৰম্ভণি হয় আৰু তাৰ ঠিক পিছত আকৌ প্ৰেমৰ মাহ ফেব্ৰুৱাৰী আহে সেইবাবে এই বিশেষ মাহৰপৰা প্ৰেমৰ আৰম্ভণি হোৱা বুলিও ক’বপৰা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close