শেহতীয়া
Home / অসম / বামুণবাৰীত খোৱা পানী যোগান আঁচনিৰ শুভ উদ্বোধন 

বামুণবাৰীত খোৱা পানী যোগান আঁচনিৰ শুভ উদ্বোধন 

টিংখাঙৰপৰা মিৰাণ ইছলাম,প্ৰথম খবৰ:আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিয়ে-সমষ্টিয়ে বৃদ্ধি পাইছে শাসকীয় দলৰ তৎপৰতা। আজি টিংখাঙৰ বামুণবাৰীৰ কেঁকুৰীত এটা খোৱা পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰিহণ দৈমাৰীয়ে। কেকুৰী খোৱা পানী যোগান আঁচনিৰ শুভ উদ্ধোধনী কাৰ্যসূচীত মন্ত্রী ৰিহণ দৈমাৰীৰ লগতে সাংসদ ৰামেশ্বৰ তেলি,টিংখাঙৰ বিধায়ক বিমল বৰা,দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালা ৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি মন্ত্রীগৰাকীয়ে ৰাজ্যত খোৱা পানী সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি নিজ মুখে স্বীকাৰ কৰে। ৰাজ্যত বৰ্ত্তমানেও প্ৰায় ২২ খন জিলাৰ জনসাধাৰণে আৰ্চেনিকযুক্ত পানী সেৱন কৰি অহাৰ বিপৰীতে ৭ খন জিলাৰ জনসাধাৰণে বিষাক্ত ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি আহিছে বুলি মন্ত্রী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ লগতে ৰাজ্যৰ গ্রাম্যাঞ্চলসমূহত বহু খোৱা পানী যোগান আঁচনি বিকল হৈ থকাৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে বিকল পানীযোগান আঁচনি সমূহ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী গৰাকীয়ে লেঙেৰী চহৰীকটাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি মহিলা হিতাধিকাৰী হকলাৰ মাজত প্ৰধানমন্ত্ৰী উজালা যোজনা আঁচনিৰ অধীনত বিনামূলীয়া ৬৫৪ টা ৰন্ধন গেছ বিতৰণ কৰে। তদুপৰি ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান ঐতিহাসিক মৰিয়া আলিৰ আধাৰশীলা উদ্বোধন কৰাৰ লগতে চহৰীকটা বজাৰ ৰাজহুৱা শৌচাগাৰ আৰু নামদাং চাৰিআলি বজাৰ শৌচাগাৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। প্ৰায় ৩ হাজাৰ লোকৰ উপস্থিতিত সম্পন্ন হোৱা অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কোনোকাৰণতে ৰাজ্যৰ লগতে বাগিচা সমূহত ৩ টকীয়া চাউল বিতৰণ ব্যৱস্থা বন্ধ নহয় বুলি ঘোষণা কৰি এই ক্ষেত্ৰত বিৰোধীয়ে কৰি অহা সস্তিয়া ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনায়।
ইফালে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে পানী যোগান আঁচনিৰ ৰাজনীতিত নামিছে বুলি চৰ্চা হৈছে একাংশ মহলত।
উল্লেখযোগ্য যে বৃহত্তৰ টিংখাং সমষ্টিৰ বিভিন্ন ভিতৰুৱা গাঁৱত প্ৰায় অৰ্ধ-শতাধিক পানী যোগান আঁচনি বছ -বছৰ ধৰি বিকল হৈ আছে। আনহাতে অঞ্চলটোৰ দিচাং নৈৰ কাষৰীয়া মাহমৰা,কাবুলা, দিল্লীবাৰী,বগাদাত আদি কেইবাখনো গাঁৱৰ বাসিন্দাই নদীৰ লেতেৰা পানী সেৱন কৰি এক অস্বাস্থ্যকৰ জীৱন নিৰ্বাহ কৰি আহিছে। তেনেস্থলত উক্ত ঠাই সমূহত বিকল হৈ থকা খোৱা পানী যোগান আঁচনিসমূহ মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবী তুলিছে তাই আহোম ছাত্ৰ সন্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*