অসমশীৰ্ষ

বিজেপি নেতৃত্বাধীন চৰকাৰখন বিটিছৰ দৰেই অত্যাচাৰী চৰকাৰ: নুৰুল হুদা

প্ৰথম খবৰ, ৰূপহীহাট: পঞ্চায়ত নিৰ্বাচনৰ বাবে কেইবাটাও মাহ থাকোতে ৰূপহীহাটত একেদিনাই দুখনকৈ দলীয় সভা অনুষ্ঠিত কৰি ব্যাপক তৎপৰতা  কংগ্ৰেছৰ দলীয় নেতা কৰ্মীৰ । ৰাজ্যত অগপ-বিজেপিৰ দৰেই আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি সাজু হৈছে কংগ্ৰেছ দলো । আজি ৰূপহীৰ গেৰেকি পঞ্চায়ত আৰু হাতীপাৰাত পৃথকে পৃথকে দুখনকৈ দলীয় সভা অনুষ্ঠিত কৰি সমালোচনাৰ লক্ষ্য কৰি লয় শাসনত থকা বিজেপি দলক । বিধায়ক জনে প্ৰশ্ন কৰে যে যোৱা নিৰ্বাচনৰ পূৰ্বে কলা ধন ঘুৰাই আনি দেশৰ জনতাক পোন্ধৰ লাখকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে এক পইছাও দিছে নে কাৰোবাক । কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰলোভনৰ বাহিৰে একো দিয়া নাই বুলি উল্লেখ্য কৰি বিধায়ক জনে আক্ষেপ প্ৰকাশ কৰি কয় যে চৰকাৰ গঠন হলে নিৱনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ কথা কৈছিল । কিন্তু শাসনলৈ অহাৰ পাছত সকলো পাহৰি গৈছে চৰকাৰখনে । বিজেপি নেতৃত্বাধীন এই চৰকাৰখন বিটিছৰ দৰেই অত্যাচাৰী চৰকাৰ বুলি কয় বিধায়ক জনে । বিটিছৰ দৰেই এই চৰকাৰে মানুহক হাৰাশাস্তি কৰাৰো অভিযোগ তোলে । ইফালে কংগ্ৰেছৰ ব্লকৰ নেকিবুৰ ৰহমান, হজৰত আলী, পঞ্চায়ত প্ৰতিনিধি আবুল কালামকে ধৰি বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰা দুযোখন সভাতেই আগন্তক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰতা  চলাবলৈ সকলো কৰ্মীক আহ্বান জনোৱা দেখা যায় । উল্লেখ্য যে ইতিমধ্যে অগপ আৰু বিজেপিয়েই ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰিছে যাৰ ফলত সমষ্টিখনত নিৰ্বাচন আৰম্ভ হৈ যোৱাৰ দৰেই প্ৰতিটো দলে ৰাইজৰ মাজত সোমাবলৈ প্ৰয়াস অব্যাহত ৰাখিছে । অলপতে সমষ্টিখনৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা শ্বৰীফা বেগম আৰু এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানেও অগপত যোগদান কৰিছে যদিও সমষ্টিখনত কোনো ধৰণৰ গণভিত্তি নথকা ক্ষমতা লোভী নেতা-নেত্ৰী দুজনে মূলতঃ বিগত সময়ত সংগঠিত কৰা দুৰ্নীতিৰ পৰা ৰক্ষা পাবলৈহে শাসনত থকা দলৰ কাষ চাপিছে বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে ।

Related Articles

Leave a Reply

Close