শেহতীয়া
Home / অসম / বিনা বেতনে ৩৫ বছৰ শিক্ষকতা: বিদায়ী সভাত অশ্ৰু-বন্যাৰে উচুপি উঠিল শিক্ষয়িত্ৰী

বিনা বেতনে ৩৫ বছৰ শিক্ষকতা: বিদায়ী সভাত অশ্ৰু-বন্যাৰে উচুপি উঠিল শিক্ষয়িত্ৰী

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:মানৱ সম্পদ সৃষ্টিৰ দুৰ্বাৰ হেঁপাহৰ অহৰহ যাত্ৰাৰ পৰিশেষত মাথোঁ এখন গামোচা আৰু কিতাপেৰে প্ৰাপ্তিৰ জোলোঙা ভৰাই উুচুপি উঠিল এগৰাকী প্ৰধান শিক্ষয়ত্ৰী। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত একাত্ম হৈ বিনাবেতনে কৰ্মজীৱন সামৰিলে শিক্ষয়িত্ৰী গৰাকীয়ে।

“স্বপ্নময় জীৱনৰ যাত্ৰাত এদিন হেঁপাহেৰে আত্মীয় হৈ পিৰিছিলোঁ শিক্ষকতাৰ বৃত্তিত। দিন গৈ থাকিল একেদৰেই। দুচকুৰ আগত চৰকাৰে কিছু সংখ্যক স্কুল প্ৰাদেশীকৰণ কৰিলে; হয়তো আমাৰেই দুৰ্ভাগ্য আমাৰ স্কুলখন প্ৰাদেশীকৰণৰ আওতাত নপৰিল। মোৰ দৰে চাগে বহুজনে উকা হাতেৰে বিদায় ল’লে। আৰু যেন কোনো এজন শিক্ষকেও এনেদৰে উকা হাতে বিদায় ল’ব লগা নহয়। এই মুহূৰ্তত চৰকাৰলৈ এটাই আহ্বান বাকী থকা স্কুলবোৰো যেন অতি শীঘ্ৰে প্ৰাদেশীকৰণ কৰে।” চেঙা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কণিকা ডেকাই সোমবাৰে বিদায়ী সভাত এইদৰে কৈ উচুপি উঠাৰ পাছতে সভা গৃহত কান্দোনৰ ৰোল উঠে।

জ্যেষ্ঠ শিক্ষয়িত্ৰী পিঞ্জিৰা খাতুনৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত সহকাৰী শিক্ষক দিলীপ বৰ্মাই ভাষণত আবেগিক হৈ কয় যে আজিৰ পৰা৩৫ বছৰ আগতে ১৯৮২ চনত বৰপেটা জিলাৰ চেঙা গাঁৱত নাৰী শিক্ষাৰ বাবে সুকীয়াকৈ স্থাপন কৰা হৈছিল উল্লিখিত বিদ্যালয়খনৰ। কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন স্কুল প্ৰাদেশীকৰণ হোৱাৰ পাছতো এইখন বিদ্যালয়ে প্ৰাদেশীকৰণৰ মৰ্যাদা পাবলৈ সক্ষম হোৱা নাছিল। তথাপি শিক্ষকসকলে ছাত্ৰীসমাজৰ বাবে পালন কৰি গৈছে নিজৰ দায়িত্ব।

বিদায় সভাত বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে সকৰুণ বক্তব্য ৰাখি উচুপি উঠাত দুচকুৰ পানী ধৰি ৰাখিব পৰা নাছিল ছাত্ৰীসকলেও। উল্লেখ্য যে যোৱা ৩০ নবেম্বৰত অৱসৰ গ্ৰহণ কৰা বিদায়ী প্ৰধান শিক্ষয়িত্ৰী কণিকা ডেকাক শিক্ষক গোট,ছাত্ৰী একতা সভা আৰু চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা খনীন পাঠকে পৃথকে পৃথকে ফুলাম গামোচা আৰু কিতাপেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*