অসম

বিহালীত বন্য ঐৰাৱতৰ ধাৰাবাহিক সন্ত্ৰাস কাণ্ড বিনিদ্ৰ ৰজনীৰে কটাইছে জনতাই

প্ৰথম খবৰ,বৰগাং:বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত দিনক দিনে বাঢ়িছে বন্য ঐৰাৱতৰ সন্ত্ৰাস।  প্ৰতিটো ৰাতি বন্য ঐৰাৱতৰ তাণ্ডৱ অব্যাহত ৰাখি ইখনৰ পিছত সিখন গাঁৱ। যেন ঐৰাৱতৰ ৰোষত পৰিছে বিহালীৰ জনসাধাৰণ৷ দৈনিক বিহালী সংৰক্ষিত বিহালী বনাঞ্চলৰ পৰা ওলাই আহি ২০/১৫ জনীয়া ঐৰাৱতৰ দলে এন্ধাৰ নামি অহাৰ লগে-লগে প্ৰৱেশ কৰে জনাঞ্চলত৷ গঞাঁ ৰাইজে বন্য ঐৰাৱত দলক খেদি পঠাৱলৈ নিৰবিচ্ছিন্ন প্ৰচেষ্ঠা গ্ৰহন কৰাৰ সমান্তাৰলভাৱে এমুঠি মান বন কৰ্মীয়ে সাধ্যনুসৰি প্ৰচেষ্ঠা কৌশল গ্ৰহণ কৰি আহিছে যদিও জনতাই পৰিত্ৰান পোৱা নাই ঐৰাৱতৰ কোপ দৃষ্টিৰ পৰা৷ যিমানে ৰাইজে নিজকে বচাৱলৈ চেষ্ঠা কৰিছে সিমানেই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বন্য ঐৰাৱতে৷ প্ৰাপ্ত খবৰমতে,যোৱা নিশা বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিপুখুৰী অঞ্চল ১৫ টা পৰিয়ালৰ বাসগৃহ ভাঙিছিঙি লণ্ড ভণ্ড কৰে। লগতে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত সাধুবস্তী অঞ্চলৰ তিনি পৰিয়ালৰ বাসগৃহ আক্ৰমন কৰাৰ লগতে খাদ্য-শস্য তহিলং কৰে। লক্ষনীয় বিষয়টো হ’ল,বিগত এটা পষেক ধৰি বিহালীৰ বিভিন্নত বন্য ঐৰাৱতে সংহাৰী ৰূপ ধাৰণ কৰি কেইবাটাও পৰিয়ালৰ সপোনৰ ঘৰ ভাঙিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close