অসম

বিহালীৰ বৰগাঙত পথ দূৰ্ঘটনা

 

প্ৰথম খবৰ, বিহালী: আজি পুৱতি নিশা বৰগাংৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত এক ভয়ানক পথ দূৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰামতে,ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেন যুক্ত কৰাৰ বাবে নিৰ্মাণৰত দলঙৰ গাঁতত সোমাই পৰে এখন মালবাহী ব’লেৰ গাডী়৷ লক্ষীমপুৰৰ পৰা তেজপুৰ অভিমূখে আহি থকা অৱস্থাত হঠাৎ সোমাই পৰে এএছ ১২ -০৩১৫ নম্বৰৰ ব’লেৰ মালবাহী বাহনখন৷ ফলত বাহনখনত থকা এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে৷ আহত লোকজনক স্থানীয় কেথলিক হস্পিতালত ভৰ্তি কৰা হৈছে৷ গুৰুত্বপূৰ্ণ যে এই স্থানতে আজিৰ পৰা কিছুদিন পূৰ্বে সংঘটিত হৈছিল অনুৰূপ এক পথ দূৰ্ঘটনা৷ বৰগাঙৰ পথছোৱাৰ ওপৰত থকা পুৰনি কালভাৰ্টটো ভাঙি পুনৰ নকৈ নিৰ্মাণ কাৰ্য অব্যাহত থকা সময়তে এই দ্বিতীয়টো দূৰ্ঘটনা সংঘটিত হৈছে। স্থানীয় সচেতন লোকৰ মতে সম্পুৰ্ণ অসুৰক্ষিত আসোঁৱাপূৰ্ণ ব্যৱস্থাৰে কালভাটৰ্টোৰ নিৰ্মান কাৰ্য অব্যাহত ৰখাৰ বাবে সংঘটিত হৈছে এনে ভয়ংকৰ দূৰ্ঘটনা।

Related Articles

Leave a Reply

Close