শেহতীয়া
Home / অসম / বিহালী শিক্ষাখণ্ডত ব্যাপক অনিয়ম,অৱসৰপ্ৰাপ্ত শিক্ষকৰ নামত মাহেকীয়া দৰমহাৰ বিল প্ৰস্তুত

বিহালী শিক্ষাখণ্ডত ব্যাপক অনিয়ম,অৱসৰপ্ৰাপ্ত শিক্ষকৰ নামত মাহেকীয়া দৰমহাৰ বিল প্ৰস্তুত

প্ৰথম খবৰ,বিহালী: ৰাজ্যত যিসময়ত একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে দৰমহা নোপোৱাৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে ঠিক তেনে সময়তে বিহালী প্ৰাথমিক শিক্ষাখণ্ডত শিক্ষকৰ দৰমহা প্ৰদানত সংঘটিত হৈছে এক আজৱ ঘটনা। বিহালী শিক্ষাখণ্ডৰ একাউন্টেণ্টৰ চূড়ান্ত গাফিলতিৰ বাবে এজন অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নামত মাহেকীয়া বিল প্ৰস্তুতক লৈ বিহালীৰ শিক্ষকৰ সমাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
উল্লেখযোগ্য যে,অমৰ দাহাল নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ নামত চলিত বৰ্ষৰ নৱেম্বৰ মাহত দৰমহাৰ বিলৰ বাবদ ২৭২ নম্বৰ বিলযোগে ৫২৭৯১ টকাৰ দৰমহা আদায় দিয়াৰ এক গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিছে। অমৰ দাহাল নামৰ অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজন বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শ’লমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল যদিও শিক্ষক গৰাকীয়ে যোৱা ৩১ অক্টোবৰ তাৰিখে বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু কেনেকৈ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ নামত পুনৰ মাহেকীয়া বিল প্ৰস্তুত হ’বলৈ পালে তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে স্থানীয় একাংশ। এনে ভূৱা বিল প্ৰস্তুত কৰা বিষয়াৰ ওপৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অনাগত দিনত লক্ষ্যণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*