অসমশীৰ্ষ

বৰক্ষেত্ৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ

জয়ন্ত ডেকা,মুকালমুৱা, প্ৰথম খবৰ : বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ দৰংগিপাৰা গাওঁৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ নিৰুদ্দেশৰ খৱৰে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে ৷ গাওঁ খনৰ চাইদুৰ ৰহমান নামৰ লোক জনৰ ১২ বছৰীয়া পুত্ৰ ৰহম আলী সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকৰ মাজত এক অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৷ উল্লেখযোগ্য যে যোৱা সোমবাৰে ৰাতিপুৱা বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই অহা ছাত্ৰ ৰহম আলী আজিও ঘৰলৈ উভতি যোৱা নাই ৷ ৬ দিন ধৰি বহু বিচাৰ-খচাৰ কৰাৰ পিছতো পৰিয়ালৰ লোকে ১২ বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰহম আলীৰ কোনো শুংসুত্ৰ উলিয়াব নোৱাৰাত এতিয়া পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে ৷ এই ১২ বছৰীয়া ছাত্ৰ জনৰ কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে পৰিয়ালৰ ৯৭০৬৫-৪৩৯৪৪ আৰু ৭৩৯৯৫-৪৯৭১২ নম্বৰত যোগাযোগ কৰিবলৈ বিনয়েৰে আহ্বান জনাইছে ৷

Related Articles

Leave a Reply

Close