শীৰ্ষৰাষ্ট্ৰীয়

বৰদিনৰ উপহাৰ! ৰে’লযাত্ৰীক নিয়ন্ত্ৰণ কৰিব বাউন্সাৰে!

নিউজ ডেস্ক, প্ৰথম খবৰ: খ্ৰীষ্টমাছৰ প্ৰাকক্ষণত সোমবাৰে দেশৰ প্ৰথমখন শীততাপ নিয়ন্ত্ৰিত লোকেল ৰে’লখন মুম্বাইৰ বোৰিবেলি ষ্টেচনৰপৰা চাৰ্চগেটলৈকে যাত্ৰা আৰম্ভ কৰে। দেশৰ প্ৰথমখন শীততাপ নিয়ন্ত্ৰিত লোকেল ৰে’লত সুৰক্ষা প্ৰদান কৰাৰ কাৰণে নিয়োজিত কৰা হৈছে বাউঞ্চাৰ।

উল্লেখ্য যে ১২টা দবা সংলগ্ন এই ৰে’লখনৰ ভাড়া সামান্য লোকেল ৰেলগাড়ীৰ প্ৰথম শ্ৰেণীতকৈ অলপ বেছি। এনেকুৱা ৰেলগাড়ীত হোৱাৰ ফলত ইয়াত যথেষ্ট পৰিমাণে ভিৰৰ আশংকা আছে। সেয়েহে এই ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ৰেলগাড়ীখনত বাউঞ্চাৰ নিয়োগ কৰা হৈছে।

কিছুদিন আগতে ৰে’লখনৰ ট্ৰায়েল সম্পন্ন হৈছিল। উল্লেখযোগ্য যে, মুম্বাইৰ বাসিন্দাসকলে যোৱা ৫ বছৰ ধৰি এনেকুৱা ৰেলগাড়ীৰ অপেক্ষাত আছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close