শেহতীয়া
Home / অসম / বৰনিজৰাৰ পাহাৰত নাবালিকাক দলবদ্ধ ধৰ্ষণ

বৰনিজৰাৰ পাহাৰত নাবালিকাক দলবদ্ধ ধৰ্ষণ

বাইহাটা চাৰিআলিৰ পৰা সোণজ্যোতি বৰুৱা, প্ৰথম খবৰ : মহানগৰীৰ মাজ মজিয়াত সংঘটিত অতি মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ হত্যাৰ গোচৰক কেন্দ্ৰ কৰি ভিন্ন স্তৰত প্ৰৱল প্ৰতিক্ৰিয়া অৱ্যাহত থকাৰ মাজতে কামৰূপ জিলাৰ বৰনিজৰাৰ পাহাৰৰ জংঘলত সংঘটিত হল নাবালিকাক ফুচুলাই নি দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ এক লজ্জাজনক ঘটনা। জিলাখনৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বৰনিজৰাৰে এটি জনজাতীয় পৰিয়ালৰ তোলনীয় কন্যা হিচাবে গ্ৰহণ কৰা প্ৰায় ১৩ বছৰীয়া কিশোৰী গৰাকীক বুধবাৰে সন্ধিয়া ৬.৩০ মান বজাত সংঘটিত কৰা এই বৰ্ৱৰ কাণ্ড ক কেন্দ্ৰ কৰি অঞ্চল জুৰি চেপা উত্তেজনা বিয়পি পৰিছে । প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে সন্ধিয়া নামি অহাৰ প্ৰায় ডেৰ দুই ঘন্টা পিছতো কিশোৰীগৰাকী ঘৰ আহি নোপোৱাত জনজাতীয় লোক অধ্যুষিত পাহাৰুৱা এই অঞ্চলটোৰ লোকসকল স্বাভাৱিকতে চিন্তিত হৈ পৰে। কিশোৰীজনী কোনো বিপদত পৰাৰ আশংকাত শংকিত হৈ পৰাৰ লগতে বিভিন্ন স্থানত কিশোৰী জনীৰ সন্ধানত নামি পৰে। এনে অনুসন্ধানৰ মাজতে স্থানীয় লোকসকলে ওচৰৰ পাহাৰৰ জংঘলৰ মাজত কোনো লোক থকাৰ উমান পাই সেইপিনে আগবাঢ়ে ।এই স্থানতে দলবদ্ধ বলাৎকাৰৰ বলি হোৱা নাৱালিকা কিশোৰী গৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ হোৱাৰ লগতে বৰ্বৰকেইটাৰ এটাক ঘটনাস্থলীতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে আন বলাৎকাৰী কেইজন জংঘল আৰু আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। তিনিটাকৈ পাষানৰ দ্বাৰা ধৰ্ষিতা কিশোৰী গৰাকীয়ে অতি কষ্টৰে দিয়া ভাষ্যৰ পৰা এই কথাখিনি জানিব পৰা গৈছে যে বলাৎকাৰীৰ দলটোত তিনিজন যুৱক আছিল আৰু সিহঁতেই  প্ৰথমে কথা বতৰাৰ চলেৰে সহজ সৰল কিশোৰী জনীক ফুচুলাই পাহাৰখনৰ জংঘললৈ লৈ যায় আৰু কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰিব বিচৰাত মৃত্যুৰ ভাবুকিৰে চিঞৰ বাখৰ নকৰিবলৈ ধমকি দি মুখত সোপা মাৰি বলপুৰ্বক পাহাৰৰ জংঘললৈ টানি নি দলবদ্ধ বলাৎকাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*