শেহতীয়া
Home / অসম / বৰপেটাত পৰিবহণ নিয়ম উলংঘা:১৩৫ জন চালকৰ অনুজ্ঞাপত্ৰ বাতিল

বৰপেটাত পৰিবহণ নিয়ম উলংঘা:১৩৫ জন চালকৰ অনুজ্ঞাপত্ৰ বাতিল

নিউজ ডেস্ক, প্ৰথম খবৰ:বৰপেটা জিলাত একাংশ চালকৰ দৌৰাত্ম্য তথা দায়িত্বজ্ঞানহীনতাৰ বাবেই সঘনাই দুর্ঘটনা সংঘটিত হৈ অহাৰ সময়তে বৰপেটা জিলা পৰিবহণ বিভাগে ১৩৫ গৰাকী চালকৰ অনুজ্ঞাপত্র বাতিল কৰিছে। উচ্চতম ন্যায়ালয়ৰ পথ সুৰক্ষা সমিতি আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগৰ নির্দেশত এইসকল চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি বৰপেটা জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়ে। এই চালকসকলৰ অনুজ্ঞাপত্র তিনি মাহ পর্যন্ত বাতিল হ’ব বুলিও জানিবলৈ দিছে পৰিবহণ বিষয়াগৰাকীয়ে। জিলা পৰিবহণ বাবে ৫৮ গৰাকী, গাড়ী চলোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ বাবে ১৫ গৰাকী,অতিৰিক্ত বোজা কঢ়িওৱাৰ বাবে ১৬গৰাকী, ম’বাইল ফন ব্যৱহাৰ কৰি বিপজ্জনকভাৱে গাড়ী চলোৱাৰ বাবে ৫ গৰাকী, সংকেত উলংঘন কৰাৰ বাবে ৭গৰাকী, হেলমেট পৰিধান নকৰাৰ বাবে ৫১ গৰাকী, ছিটবেল্ট ব্যৱহাৰ নকৰাৰ বাবে এগৰাকী চালকক অনুজ্ঞাপত্র বাতিল কৰা হয়। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ উদণ্ড চালকে সুৰাপান কৰাৰ লগতে বিপজ্জনকভাৱে গাড়ী চলোৱাৰ বাবে কেইবাটাও পথ দুর্ঘটনা সংঘটিত হৈছে। আনহাতে,একাংশ চালকে অতিৰিক্ত বােজা কঢ়িয়াই বিপজ্জনক অৱস্থাৰ মাজেৰে গাড়ী চলোৱাৰ বাবেও দুর্ঘটনা সংঘটিত হােৱাৰ আশংকা বৃদ্ধি পাইছে। আন একাংশ চালকে গাড়ী চলোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ লগতে পথ সুৰক্ষাৰ নীতি-নিয়ম উলংঘা কৰি আনৰ বাবেও প্রতি মুহুর্ততে বিপদৰ সম্ভাৱনাৰ সৃষ্টি কৰি আহিছে। এনে চালকৰ ক্ষেত্ৰত স্বাভাৱিকতে কঠোৰ হৈ পৰিছে বৰপেটা জিলা পৰিবহণ বিভাগ।

যোৱা কিছুদিন ধৰি বৰপেটা জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত অভিযান চলাই এই চালকসকলৰ অনুজ্ঞাপত্র বাতিল কৰা হয়। এম ভি এক্ট ১৯৮৮ আৰু এম ভি ৰঙাল ২১ অনুসৰি, অনুজ্ঞাপত্র বাতিল কৰা চালককেইগৰাকীয়ে তিনি মাহ ধৰি যান-বাহন চলাব নোৱাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*