অসম

বৰপেটাৰোডত অগপৰ বিশাল গণ সমাবেশ:বিজেপিৰ কামত অসন্তুষ্ট অগপ

প্ৰথম খবৰ,বৰপেটাৰোড:বৰপেটাৰোডত অগপৰ ৰণডংকা। বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডত আজি অগপই অনুষ্ঠিত কৰিলে বিশাল গণ সমাবেশ। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি আজি বৰপেটাৰোড চহৰত অগপই অনুষ্ঠিত কৰে এই সমাবেশৰ৷ সৰভোগ সমষ্টি ভিত্তিত আয়োজন কৰা এই গণ সমাবেশত ভাগ লয় অগপৰ সভাপতি অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,জলসম্পদমন্ত্ৰী কেশৱ মহন্ত,ফনীভূষণ চৌধুৰী,ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস,ডাঃ কমলা কলিতা, বিধায়ক পবিন্দ্ৰ ডেকা আদিকে ধৰি অগপৰ বহু ৰথী মহাৰথী৷

অগপৰ বৰপেটা জিলা সভাপতি তথা বৰপেটাৰ বিধায়ক গুনীন্দ্ৰনাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সমাৱেশত ভাগ লৈ অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই ভাষন প্ৰসংগত কয় যে ক্ষমতাৰ মোহত অন্ধ হৈ আমি বহি থকা নাই।  বিদেশী চিনাক্তকৰণ হব লাগিব৷ বহিস্কৰণ হ’ব লাগিব৷ এই দাবীৰ পৰা আমি কেতিয়াও আতৰি নাহো৷ নামনি সোৱনশিৰি প্ৰকল্পৰ আমি বিৰোধিতা কৰিছো৷ নাগালিম ফ্ৰেমৱৰ্কৰ ক্ষেত্ৰত কেন্দ্ৰই স্থিতি স্পষ্ট কৰিব লাগিব৷

ইপিনে পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা প্ৰসংগত অগপ সভাপতিগৰাকীয়ে কয় যে বিটিএডিত এতিয়াও অগপৰ সাংগঠনিক স্থিতি সবল৷ হাগ্ৰামা মহিলাৰীয়ে পঞ্চায়ত নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা কৰিব বুলি সংবাদ মাধ্যমযোগে কৰা মন্তব্যক আদৰণি জনায় অগপ সভাপতিগৰাকীয়ে৷

ইপিনে সমাৱেশত ভাগ লৈ প্ৰাক্তন মুখ্যমন্ক্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মিত্ৰজোঁটৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ মহন্তই এই চৰকাৰখনে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি সমালোচনা কৰে৷ মহন্তই সাংসদ ৰাজেন গোঁহাই আৰু বিজয়া চক্ৰৱৰ্তীকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ বিগত নিৰ্বাচনত সাংসদ ৰাজেন গোঁহায়ে প্ৰফুল্ল মহন্তক পৰাজিত কৰিবলৈ কংগ্ৰেছৰ হৈ কাম কৰািছিল বুলি অভিযোগ কৰে।  ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ সমষ্টি উন্নয়নৰ কাম কাজক লৈ সমালোচনা কৰে প্ৰফুল্ল মহন্ত ৷ অৱশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডত কেবাহাজাৰ অগপ সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমাবেশখনে আগন্তুক পঞ্চায়ত নিৰ্বাচন কি প্ৰভাৱ পেলায় সেয়া সময়েহে ক’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close