অসম

বৰপেটাৰোড ৰে’ল ষ্টেচনত বন্দুক সহ এজনক আটক

প্ৰথম খবৰ,বৰপেটাৰোড:আৰক্ষীৰ চকুত ধূলি মাৰি বন্দুক লৈ নিৰ্বিঘ্নে ঘূৰি ফুৰা এজন যুৱকক কালি নিশা বৰপেটাৰোড ৰে’ল ষ্টেচন চৌহদৰ পৰা কৰায়ত্ত কৰা হয়। ৰে’লৱে পাৰ্কিংস্থলীৰ পৰা সেনা–আৰক্ষীৰ অভিযানত আটক হোৱা যুৱকজন হৈছে ছাজিদুৰ ৰহমান।

এখন ছুইফট ডিজায়াৰ গাড়ী ( No- AS- 01BR/ 8669)ত ৪ জন যুৱক নিশাৰ ভাগত বৰপেটাৰোড ৰে’ল ষ্টেচনলৈ আহি আড্ডা মাৰি থাকোঁতে সেনা–আৰক্ষীয়ে তালাচী চলায়। এই তালাচী অভিযানত বন্দুক সহ আটক কৰা হয় ছাজিদুৰ ৰহমান নামৰ যুৱকজনক। অৱশ্যে বাকী তিনিজন পলাই যাবলৈ সক্ষম হয় যদিও তেওঁলোকৰ সন্ধান উলিওৱাৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close