শেহতীয়া
Home / অসম / বৰহোলাৰ ৮০ বছৰীয়া এজন বিহুৱাৰ সৈতে এখন্তেক

বৰহোলাৰ ৮০ বছৰীয়া এজন বিহুৱাৰ সৈতে এখন্তেক

বৰহোলাৰপৰা অজয় শইকীয়া,প্ৰথম খবৰ:ৰাজ্য চৰকাৰৰ চৰম অৱহেলা আৰু অমনোযোগিতাৰ ফলত বৰ্তমান অসমত বহু শিল্পীৰ আৰ্থিক নিৰাপত্তাৰ ছবিখন কিমান দুখজনক হৈ পৰিছে, সেয়া নিশ্চয় বেলেগকৈ দেখুৱাৰ প্ৰয়োজন নাই। গোটেই জীৱন অসমীয়াৰ কলা,কৃষ্টি-সংস্কৃতিকে জীৱনৰ অমূল্য সম্পদ হিচাপে বুকুত সাবটিলৈ বৃদ্ধ অৱস্থাত আৰ্থিক দুৰৱস্থাই জুৰুলা কৰি পেলোৱাত একাংশ শিল্পীয়ে বৃদ্ধি পেঞ্চন,শিল্পী পেঞ্চনৰ বাবে হাবাথুৰি খাব লগা হোৱা ছবিখনেই যেন চৰকাৰৰ দায়িত্বহীনতাক স্পষ্টকৈ প্ৰতিফলিত কৰিছে। তেনে এজন শিল্পী তথা বৃহত্তৰ বৰহোলা অঞ্চলৰ জনপ্ৰিয় বিহুৱা প্ৰফুল্ল শইকীয়া। তিতাবৰ মহকুমাৰ বৰহোলাৰপৰা প্ৰায় ৩ কিল’মিটাৰ দূৰত্বৰ এটা আওহতীয়া অঞ্চল ইকৰাণিত বাতৰি সংগ্ৰহৰ বাবে যাওতে দেখা সাক্ষাৎ হৈছিল এইজন চাৰি কুৰি বছৰ পাৰ কৰা বিহুৱাৰ সৈতে। মনত এতিয়াও অতি উৎসাহ-উদ্দীপনাৰে ভৰা বিহুৱা প্ৰফুল্ল শইকীয়াৰ সৈতে বাৰ্তালাপ কৰোতে এটা এটা কৈ বিৱৰি কৈছিল জীৱনৰ বহু স্মৰণীয় মহূত্বৰ কথা।

১৯৫৬ চনৰ পৰাই বিহুৰ দলপতি কৰি অহা প্ৰফুল্ল শইকীয়াই এসময়ত ৰাইজৰ আমন্ত্ৰণক্ৰমে বিভিন্ন গাৱঁত গৈ বিহু প্ৰদৰ্শন কৰিছিল। বৰহোলা অঞ্চলটোৰ বিভিন্ন গাৱঁৰ লগতে যোৰহাট, কেন্দুগুৰি,আতিলা গাওঁ,তিতাবৰ,মেৰাপানী, পুলিবাগান,গমাৰি,বৰজান,কমাৰবন্ধা,ফৰকাটিং, ডিব্ৰুগড়,গুৱাহাটী আদিতো বিহু পৰিবেশন কৰি বিভিন্ন বঁটা,পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিয়ে। ওৰেটো জীৱন অসমীয়াৰ সংস্কৃতি ধৰি ৰখাৰ কামতে থাকি অঞ্চলটোত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিয়াটো উৎপোত ভাবে জৰিত আছিল প্ৰফুল্ল শইকীয়া। বৰসবাহৰ নাম, উঠানাম,দিহানাম,নাগাৰা নাম আদিৰ দল গঠন কৰি প্ৰশিক্ষণ প্ৰদান কৰিছিল। তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ হৈয়ো বিহুৰ কথা ওলালে এতিয়াও ২০ বছৰীয়া যুৱকৰ দৰে উদ্যোমী হৈ পৰে তেওঁ। বিহুৰ মাজেৰেই অসমীয়াৰ জাতীয় জীৱনৰ পৰম্পৰাক সমাজত উচ্চ স্থানত জিলিকাবলৈ অপ্ৰাণ চেষ্টা কৰাৰ লগতে ৰাইজক বিহুৰ মাদকতা অনুভৱ কৰাই সমাজত বিহুৱা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। একমাত্ৰ কৃষি কৰ্মৰ জৰিয়তে পৰিয়াল পোহপাল দি অহা এইজন প্ৰফুল্ল শইকীয়াক আজিকোপতি চৰকাৰৰ কোনো এটা সা-সুবিধাই ঢুকি নোপোৱাটোহে অতিকৈ দুৰ্ভাগ্যজনক বুলি বৰহোলাৰ সচেতন ৰাইজে মতপোষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*