অসমশীৰ্ষ

বৰিবজাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হল ২৮০ বটল কফ চিৰাপ

বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ : বৰিবজাৰত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়েৰে আৰক্ষীৰ নিদ্ৰাহৰণ কৰি অহা শিলপুখুৰীৰ বাবুল আলিৰ ঘৰত চলিল আৰক্ষীৰ অভিযান। বৰিবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ হাজৰিকাৰ নেতৃত্বত চলা অভিযানত বাবুল আলিৰ বাসগৃহৰ পাকঘৰৰ পৰা উদ্ধাৰ কৰা হয় ২৮০ টাকৈ কফ চিৰাপৰ বটল। অৱশ্যে, অভিযুক্ত বাবুল আলিক কৰায়ক্ত কৰিবলৈ সক্ষম নহ’ল আৰক্ষী। সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি বাবুল আলিৰ সন্ধানত অভিযান তীব্ৰতৰ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close