অসম

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস স্মৃতি দিৱস হিচাপে উদযাপন কৰিব সাহিত্য সভাই

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৭ ব’হাগৰ মৃত্যু দিৱসটাে প্রতি বছৰে হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস হিচাপে ৰাজ্যজুৰি উদযাপন কৰিব অসম সাহিত্য সভাই। প্রত্যেক বছৰে আয়ােজন কৰিব লগা এই স্মৃতি দিৱসতেই ‘হেমকোষ প্রকাশনে’ আধুনিক অসমীয়া জাতিৰ জনকস্বৰূপ পণ্ডিত হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্রণেতাগৰাকীৰ পৰৱতী কালৰ হেমকোষৰ দহটাকৈ সংস্কৰণ, বিভিন্ন ভাষাবিদ তথা গৱেষকৰ সহযোগিতাত পৰিবৰ্ধিত ৰূপত সম্পাদনা কৰা ‘হেমকোষপ্রাণ’ দেৱানন্দ বৰুৱাৰ নামত একোটাকৈ বঁটা প্রদান কৰিব।

অলপতে অসম সাহিত্য সভা আৰু ‘হেমকোষ প্রকাশনৰ মাজত অনুষ্ঠিত এক আলোচনাত এই সিদ্ধান্ত গ্রহণ কৰা হয়। কাকতলৈ প্ৰেৰণ কৰা এক যৌথ সংবাদ বিজ্ঞপ্তিত হেমকোষ প্রকাশনৰ কাৰ্যবাহী তথা সাদিন প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড° পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ামতে “অসমীয়া ভাষা তথা জাতিৰ এক সংকট কালত ভাষাৰ দেউলখ্যাত হেমকোষ আৰু অসমীয়া ভাষাৰ ব্যাকৰণ প্রণয়নেৰে মৃতপ্রায় অসমীয়া জাতিক সঞ্জীৱিত কৰিছিল পণ্ডিত হেমচন্দ্ৰ বৰুৱাই। সেয়ে অসম সাহিত্য সভাই এইগৰাকী মহান মনীষীৰ মৃত্যু দিৱসটাে হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱস হিচাপে প্রতি বছৰে উদযাপন কৰিব। এই সন্দৰ্ভত ইতিপূর্বে অসম সাহিত্য সভাৰ কার্যনির্বাহক অধিৱেশনত সিদ্ধান্ত গ্রহণ কৰা হৈছে। আনহাতে, হেমকোষ প্রকাশনে ইতিপূর্বেই হেমচন্দ্ৰ বৰুৱাৰ লগতে তেওঁৰ সুযােগ্য উত্তৰসূৰী হেমকোষপ্রাণ দেৱানন্দ বৰুৱাৰ নামতো বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল।”

বিবৃতিটােত প্রকাশ কৰা মতে দুবছৰৰ মূৰে মূৰে এই বঁটা হেমচন্দ্ৰ বৰুৱা স্মৃতি দিৱসত প্রদান কৰা হ’ব। বঁটাপ্রাপক নির্বাচন সন্দৰ্ভত বিবৃতিটােত কোৱা হয় যে ভাষা-সাহিত্য-সংস্কৃতি জীৱনজোৰা চৰ্চা, গৱেষণা আৰু সুস্থ সমাজ গঢ়াৰ বাবে বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক সন্মানিত কৰাৰ বাবে “ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা বঁটা’ আগবঢ়োৱা হ’ব। আনহাতে, সাহিত্য-সংস্কৃতি তথা ভাষাৰ নিৰলস চর্চা-গৱেষণাত জড়িত আৰু মান্যতাপ্রাপ্তসকলৰ নিৰ্বাচিত এগৰাকী ব্যক্তিলৈ ‘হেমকোষ প্রাণ দেৱানন্দ বৰুৱা বঁটা’ আগবঢ়োৱা হ’ব। ইয়াৰ প্ৰথমটাে বঁটাত থাকিব দুই লাখ টকাৰ লগতে স্মাৰক, মানপত্রসহ অন্যান্য উপহাৰ সামগ্ৰী আৰু দ্বিতীয়টাে বঁটাত থাকিব এক লাখ টকা, মানপত্র, স্মাৰক আদি অন্যান্য উপহাৰ সামগ্রী। এই বঁটাপ্ৰাপকসকলৰ নাম বাছনিৰ বাবে পাঁচজনীয়া সদস্যৰে এখন নির্বাচক সমিতি গঠন কৰা হ’ব। এই সমিতিত অসম প্রতিদিন গোষ্ঠীৰ এজন সম্পাদক আৰু ৰাজ্যৰ ভাষা-সাহিত্য আৰু সমাজৰ দুজন নির্বাচিত গৱেষক-পণ্ডিত সদস্য হিচাপে অন্তর্ভুক্ত হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close