শীৰ্ষৰাষ্ট্ৰীয়

ভাৰতীয় বজাৰত চীনা ম’বাইল ফোনৰ আধিপত্য

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৭ বছৰটোৰ প্ৰথম তিনিমাহৰ সময়ছোৱাত ভাৰতীয় ম’বাইল ফোনৰ বজাৰৰ ৪৯ শতাংশ দখল কৰিবলৈ সমৰ্থ হয় চীনা ম’বাইল ফোনে। বাৰ্ষিক ৰাজহ উপাৰ্জনৰ হিচাপত বাৰতীয় বজাৰৰ পৰা প্ৰায় ১৮০ শতাংশ ৰাজহ বৃদ্ধি পাইছে চীনা ম’বাইল ফোন কোম্পানী সমুহৰ।ভাৰতৰ প্ৰায় ৬৫ কোটি ম’বাইল ফোন ব্যৱহাৰকাৰীৰ ভিতৰত ৩০ কোটিয়েই স্মাৰ্টফোনৰ ব্যৱহাৰ কৰে।ইয়াৰ অধিক সংখ্যকেই চীনা ম’বাইল ফোনক অগ্ৰাধিকাৰ দিয়াৰ কাৰণ হৈছে, কম দৰতে অত্যধিক সুবিধাৰ পয়োভৰ। ভাৰতীয় বা অন্য কোনো নিৰ্মিত ম’বাইল ফোনৰ তুলনাত চীনা ম’বাইল ফোনৰ মূল্য তুলনামুলক ভাৱে যথেষ্ট কম। অন্যান্য চীনা ম’বাইল ফোন কোম্পানী সমুহৰ ভিতৰত Xiaomi য়ে বছৰটোৰ প্ৰথমাংশৰ ভিতৰতে ২৩.৫ শতাংশ বজাৰ দখলেৰে সকলোতকৈ আগবাঢ়ি আছে। ইয়াৰ জৰিয়তে Xiaomi য়ে  ভাৰতীয় বজাৰত দক্ষিণ কোৰিয়াৰ বিশ্বৰ আগশাৰীৰ ম’বাইল ফোন বিক্ৰেতা Samsung ৰ সৈতে একে শাৰীতে থিয় দিলে।  বৰ্তমান Samsung এও ভাৰতীয় বজাৰত ২৩.৫ শতাংশ বজাৰ দখল কৰি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close