অসমবিনোদন

ভাৰত নাট্যমৰ জড়িয়তে গৌৰৱ কঢ়িয়াই আনিছে জ্বলিমণি শইকীয়াই

কমল কুমাৰ:

ভাৰত নাট্যম আৰু সত্ৰীয়া দুই ধাৰাৰ নৃত্য প্ৰদৰ্শনৰ জড়িয়তে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে জ্বলিমণি শইকীয়াই। ধ্ৰুপদী নৃত্যশিল্পী জ্বলিমণি শইকীয়াই দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত নৃত্য মহোৎসৱত নিয়মীয়াকৈ অংশগ্ৰহণ কৰি আহিছে। আৰু অসমৰ বাহিৰত এনেদৰে নৃত্য প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ৰসেশ্বৰ বৰবায়নৰ তত্ত্বাৱধানত তেওঁ সত্ৰীয়া নৃত্যৰ আদিপাঠ গ্ৰহণ কৰে তেওঁ। ‘শিক্ষণ সত্ৰীয়া নৃত্যকলা’ত পাঁচ বছৰীয়া আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰে শইকীয়াই। কৃষ্ণভংগী, নাদুভংগী, ঝুমুৰা, চালি, ৰজাঘৰীয়া চালি, চালি সূত্ৰধাৰ, গোপীনাচ, বেহাৰ আদি সকলো নৃত্যভংগীমাত পাকৈত জ্বলিমণি শইকীয়াই ১৯৯৭ চনতে ভাৰত নাট্যমৰ পাঠ গ্ৰহণ কৰিছিল। এই যাত্ৰাত তেওঁৰ গুৰু আছিল পদ্মশ্ৰী গুৰু পুষ্পা ভূঞা।

লক্ষ্ণৌৰ ভাটখাণ্ডে বিদ্যাপীঠ ভাৰত নাট্যমৰ প্ৰথম শ্ৰেণীৰ স্নাতক জ্বলিমণি শইকীয়া গুৱাহাটী দূৰদৰ্শনৰ শাস্ত্ৰীয় শাখাৰ এ গ্ৰেডৰ শিল্পী। ভাৰত চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰপৰা সত্ৰীয়া নৃত্যত ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰাৰ উপৰিও ২০০৫ আৰু ২০০৬ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জাগীৰোডত অনুস্থিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে। জ্বলিমণি শইকীয়াই বৰ্তমান সাংস্কৃতিক কালচাৰেল একাডেমী নামেৰে ভাৰত নাট্যম আৰু সত্ৰীয়া নৃত্যৰ শিক্ষানুস্থান এখনৰ অধ্যক্ষাৰ গুৰু দায়িত্ব পালন কৰি আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close