অসম

মংগলদৈ মহাবিদ্যালয়ত আজিৰে পৰা ৪১ সংখ্যক সদৌ অসম আন্তঃজিলা দবা প্রতিযোগিতা

প্ৰথম খবৰ,মংগলদৈ /দেওমৰনৈ:অসম দবা সন্থাৰ সৌজন্যত দৰং জিলা দবা সন্থাৰ উদ্যোগত ৪১ সংখ্যক সদৌ অসম আন্তঃজিলা দবা প্রতিযোগিতা ২০১৭ খনি আজিৰে পৰা ২৯ ডিচেম্বৰ,২০১৭ তাৰিখলৈ মংগলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। আজি দবা প্রতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠান উপস্থিত থাকে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া আৰু মংগলদৈ বিধায়ক গুৰুজ্যোতি দাস দুয়োগৰাকী বিধায়কে দবা খেলত অংশগ্ৰহণ কৰে। দবা প্রতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে,বিটিচি,কোকোৰাঝাৰ ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰী,অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা,সাংসদ ৰমেন ডেকা, ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, কলাইগাঁৱ বিধান সভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো,দলগাঁৱ বিধান সভা সমষ্টিৰ বিধায়ক মঃ ইলিয়াছ আলি,অসম চৰকাৰৰ আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্ত,অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক পবিত্র ৰাম খাউণ্ড, সদৌ অসম দবা সন্থাৰ সভাপতি চাৰ্লিন ভুঞা,সম্পাদক ৰাজীৱ ধৰ,মংগলদৈ পৌৰ সভাৰ পৌৰপতি প্ৰতাপ বৰদলৈ,মংগলদৈ ক্ৰীড়া সন্থাৰ সম্পাদক অনুপম ডেকা, মংগলদৈ মহাবিদ্যালয় ৰ অধ্যক্ষ ড০ খগেন্দ্ৰ কুমাৰ নাথ,মংগলদৈ ৰঞ্জিত শৰ্মা একাডেমি ৰ অধ্যক্ষ গিৰীন্দ্ৰ কুমাৰ শৰ্মা,অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান,জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচি ৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ,দৰঙৰ আৰক্ষী অধীক্ষক জিঠ থিৰাভিয়ম,এন আৰ এলৰ উপ মহাপ্ৰৱন্ধক, মানৱ সম্পদ ড০ কাজল শইকীয়া,দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ,মংগলদৈ মহাবিদ্যালয় ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক পৰেশ শৰ্মা,মাইক্র ফাইনেন্স ৰ লাইভলিহুড সঞ্চালক পাৰ্থ শক্তি পাটোৱাৰী,দৰং জিলা পৰিষদৰ সভানেত্রী দিপালী ডেকা,প্ৰাক্তন ছাত্ৰ নেতা তিলক প্ৰসাদ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা, অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা,বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী,দানেশ্বৰ গয়াৰী, দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন,অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য লক্ষ্য কোৱৰ,মংগলদৈ বনিক সন্থাৰ সভাপতি তথা বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, সম্পাদক অনিল শৰ্মা,মংগলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, বিশিষ্ট সমাজসেৱক,সু-চিকিৎসক ডাঃ ইলিয়াছ আলি, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক প্ৰকাশ মহন্ত ৰ লগতে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্রাপ্ত আন্তঃৰাষ্টীয় দবা খেলুৱৈ চাহিল দে আৰু বিশ্ব চেম্পিয়ন,ৰুবীক কিউব কাব্যনীল তালুকদাৰ উপস্থিত থাকিব বুলি জনাই দবা প্রতিযোগিতাৰ আয়োজক সমিতিৰ সভাপতি গুৰুজ্যোতি দাস,কাৰ্যকৰী সভাপতি কন্দৰ্প কলিতা আৰু সাধাৰণ সম্পাদক মাধৱ শৰ্মাই। ৪১ সংখ্যক দবা প্রতিযোগিতাত অসমৰ ৯,১৩ আৰু ১৭ বছৰ অনুৰ্দ্ধৰ লৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব।  প্ৰতিযোগিতাখনিত সকলো ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে আন্তৰিকতাৰে আয়োজক সমিতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close