অসমশীৰ্ষ

মঙলদৈৰপৰা টেট শিক্ষয়িত্ৰী নিৰুদ্দেশ

প্ৰথম খবৰ, তামুলপুৰ: দৰং জিলাৰ মঙলদৈ চহৰৰপৰা এগৰাকী টেট শিক্ষয়িত্ৰী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দিষ্ট মহিলা গৰাকী হৈছে তামুলপুৰ থানাৰ অন্তৰ্গত দিমিলাপৰ গাওঁৰ সঞ্জীৱ কলিতাৰ পত্নী তথা এগৰাকী ১১ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ বিনীতা দাস(৩২)। বিনীতাৰ স্বামীয়ে জনোৱা মতে  আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে টেট শিক্ষয়িত্ৰী হিচাবে মঙলদৈ চহৰৰ  গাতে লাগি থকা বগাপুৰী গান্ধীস্মৃতি প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল বিনীতাই আৰু তেতিয়াৰ পৰাই সেইখন বিদ্যালয়তে কৰ্মৰত আছিল বিনীতা।

যোৱা ১০ চেপ্টেম্বৰত তামুলপুৰৰ দিমিলাপৰ গাঁওৰ ঘৰলৈ আহিছিল আৰু ১৩ চেপ্টেম্বৰত নিজৰ স্বামীৰ লগত নিজৰ কৰ্মস্থলীলৈ উভতি গৈছিল। স্বামীয়ে বিনীতাক মঙলদৈৰ ভাড়াঘৰত থৈ ১৪ নৱেম্বৰত তামুলপুৰৰ দিমিলাপৰ গাঁওলৈ উভতি আহে। কিন্তু বিগত ২৪ নৱেম্বৰৰ সন্ধিয়াৰ পৰা বিনীতাৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বিনীতাৰ মোবাইলত যোগাযোগ কৰিবা নোৱাৰাত বিনীতাৰ স্বামীৰ লগতে পৰিয়ালৰ সদস্য সকলৰ মাজত হাহাকাৰ লাগে। ২৫ নৱেম্বৰৰ ৰাতিপুৱাই বিনীতাৰ স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্য সকলে বিনীতাক বিচাৰি মাংলদৈত উপস্থিত হয় যদিও ভাড়াঘৰটো তলা মৰা অৱস্থাত প্ৰত্যক্ষ কৰে। তেতিয়া ভাড়াঘৰৰ মালিকে ২৪ তাৰিখে আবেলি বিনীতাই নিজৰ বয়-বস্তু লৈ ওলাই যোৱা বুলি জানিবলৈ দিযে। বিভিন্ন ঠাইত বিনীতাৰ সন্ধান কৰিও কোনো সম্ভেদ নোপোৱাত বিনীতাৰ স্বামী সঞ্জীৱ কলিতাই বিনীতাৰ নিৰুদ্দেশ হোৱা সম্পৰ্কে মঙ্গলদৈ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে। আৰক্ষীয়েও এই পৰ্যন্ত বিনীতাৰ কোনো সম্ভেদ উলিয়াব পৰা নাই। প্ৰায় ৫ফুট ৩ ইঞ্চি উচ্চতৰ বিনীতাৰ কিবা সম্ভেদ পালে ৭৬৩৫৯৫১৩৫৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close