অসম

মাংগলিক ধ্বনিৰে চকলাঘাটত সম্পন্ন হ’ল লাইখুটা স্থাপন

প্ৰথম খৱৰ,জাজৰি: অসম সাহিত্য সভাৰ শতবৰ্ষীয় সামৰণী অনুষ্ঠানৰ উপলক্ষে নগাঁৱৰ চকলাঘাট শাখা সাহিত্য সভাৰ সৌজন্যত অাৰু নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত অহা ২৭ ডিচেম্বৰত দিনযোৰা কাৰ্য্যসূচীৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ অায়োজন কৰিছে। অাজি সেই গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটিৰ ঐতিহ্যমণ্ডিত চকলাঘাট খেলপথাৰত লাইখুটা স্থাপন সম্পন্ন হয়। মাংগলিক ধ্বনিৰে অাৰু শতাধিক ৰাইজে একেলগে জাতীয় সংগীত পৰিবেশন কৰাত অাজিয়েই যেন উদুলি মুদুলি হ’ল চকলাঘাট খেল পথাৰৰ বাকৰি।
২৭ ডিচেম্বৰত ১০০ খন পতাকা উত্তোলনেৰে শুভাৰাম্ভ হব এই সাহিত্য সভাৰ শত বৰ্ষীয় অনুষ্ঠানটি। প্ৰায় সহস্ৰাধিক লোকৰ সমাবেশেৰে অনুষ্ঠিত হব অনুষ্ঠানটি। যোৱা কালি নিশা এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাই চাকোলা কৈৱৰ্ত ক্ষেত্ৰ উন্মোচন কৰে অাৰু অাজি শতাধিক ৰাইজৰ উপষ্ঠিতিত মাংগিক ধ্বনিৰে লাইখুটা স্থাপন কৰা হয়। লগতে উদ্যোক্তা সমিতিয়ে সমূহ ৰাইজৰ সহায় সহযোগীতা অাৰু উপষ্ঠিতি কামনা কৰিছে।

Related Articles

Leave a Reply

Close