অসম

মাখিবাহাত বেডমিণ্টন প্ৰতিযোগিতা

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: টিহু মহকুমাৰ মাখিবাহাস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান অৰুণোদয় প্ৰতিষ্ঠানৰ উদ্যোগত অহা ৬ আৰু ৭ জানুৱাৰীত দুদিনীয়াকৈ নীৰেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী দ্বৈত শাখাত প্ৰাইজমানী নৈশ বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মাখিবাহা চৌধুৰীপাৰা জগন্নাথ মন্দিৰ প্ৰাংগনত হ’বলগীয়া উক্ত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত বিজয়ী দলক ৮০০০ টকা আৰু চূড়ান্ত ট্ৰফী আৰু বিজিত দলক ৫০০০ টকা আৰু চূড়ান্ত ট্ৰফী প্ৰদান কৰা হ’ব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব খোজা দলক অহা ৪ জানুৱাৰীৰ ভিতৰত ষ্টুডিঅ’ জয়প্ৰকাশ,মাখিবাহা অথবা চুমন আৰ্ট,বামুণীমৈদাম,গুৱাহাটী অথবা ৮৭২১০৩২৫৪৭,৮৪০২০৮৩৯৯১,৯৭০৭৪০৫০২৬ ভ্ৰাম্যভাষ নম্বৰত যোগাযোগ কৰিবলৈ অৰুণোদয় প্ৰতিষ্ঠানৰ সম্পাদক অংশুমান শৰ্মাই আহ্বান জনাইছে। উক্ত প্ৰতিযোগিতাত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগ উদ্যোক্তাসকলে কামনা কৰিছে।

Related Articles

Leave a Reply

Close