সভা-সমিতি

মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ অধিৱেশন

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: জ্যেষ্ঠ নাগৰিকসকলৰ উমৈহতীয়া সংগঠন  হিচাপে নলবাৰী জিলাৰ ভিতৰত সৰ্ব প্ৰথম গঠিত টিহু মহকুমাৰ মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনখন আজি বিস্তৃত কাৰ্যসূচীৰে পৰিষদৰ স্থায়ী কাৰ্যালয়ত সম্পন্ন হয়। পুৱা পৰিষদৰ সভাপতি উপেন্দ্ৰনাথ দত্তই পতাকা উত্তোলন, পৰিষদৰ জ্যেষ্ঠ সদস্য ৰামেশ্বৰ কলিতা আৰু শিম্ভু হালৈয়ে স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, কৰাৰ পিছত দুপৰীয়া মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰনাথ দত্তৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সম্পাদক মোহন চন্দ্ৰ বৈশ্যই আঁত ধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা, আৰু নিৰ্দ্দিষ্ট বক্তা হিচাপে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সম্পাদক অমূল্য প্ৰসাদ দাসে অংশগ্ৰহণ কৰে। সভাত বয়োজ্যেষ্ঠ নাগৰিক হলিৰাম শৰ্মা, হৰকান্ত মেধি, মোহন শৰ্মা, হৰিনাথ শীল, ভাৰত ৰাজবংশী, আৰু ৰেৱতী দাসক সম্বর্ধনা জনোৱা হয় । এই সভাতে  পৰৱৰ্তী দ্বি বৰ্ষৰ বাবে পুনৰ উপেন্দ্ৰনাথ দত্তক সভাপতি আৰু মোহন চন্দ্ৰ বৈশ্যক সম্পাদক হিচাপে লৈ মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ ২৭ জনীয়া নতুন সমিতি গঠন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close